সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ফটো ছেচনৰ বাবেহে মোডীক লাগে মল্লযোদ্ধাক !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কৰ্ণাটকৰ নিৰ্বাচনক লৈ বিগত এটা সপ্তাহত অত্যন্ত ব্যস্ত আছিল ।এটা সপ্তাহত মুঠ ১৭ খন ৰেলীত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰতিশ্ৰুতিৰে ভৰাই দিছিল কৰ্ণাটক।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নন্দিনীক বিশ্ব দৰবাৰলৈ নিয়াৰ পৰা কৰ্ণাটকত NRC আৰু ইউনিফৰ্ম চিভিল ক’ডৰ প্ৰয়োগলৈকে সকলো প্ৰতিশ্ৰুতি দিলে।স্বাধীনতাৰ ৬০ বছৰ পিছতো একো উন্নতি নোহোৱা বুলি কংগ্ৰেছক সমালোচনা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত দিনবোৰত নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালভাৱে চিনেমাৰ প্ৰচাৰৰ দায়িত্বও সমানেই পালন কৰি আহিছে।বিগত বৰ্ষত ‘কাশ্মীৰ ফাইল’ খনৰ মুক্তি আৰু প্ৰদৰ্শনৰ বিষয়টোৱেও মোডীৰ ভাষণত স্থান লাভ কৰিছিল।শেহতীয়াকৈ কেৰালাৰ মহিলাক লৈ নিৰ্মাণ কৰা চিনেমা ‘কেৰালা ষ্টৰী’ৰ কাহিনী কৈয়ো ভোট বিচাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।কিন্তু সেই একেজন মোডীয়ে দিল্লীৰ পৰা কৰ্ণাটকত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাই কেৰালা ষ্টৰীৰ গুণানুকীৰ্তন কৰিবলৈ সময় পায়,অথচ সময় নাপায় দিল্লীত প্ৰতিবাদ কৰি থকা মল্লযোদ্ধাক সাক্ষাৎ কৰাৰ।

‘কাশ্মীৰ ফাইলচ’ চিনেমাখন ১৯৯০ চনত কাশ্মীৰ উপত্যকাত কাশ্মীৰী পণ্ডিতৰ ওপৰত হোৱা অত্যাচাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।কাশ্মীৰ ফাইলচ সম্পৰ্কত মন্তব্য দিবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল ‘যিসকল মানুহে ইমান দিনে বাক স্বাধীনতাৰ কথা কৈ আহিছে,সেই সকলেই এতিয়া চিনেমাখনৰ বিৰোধিতা কৰা আৰম্ভ কৰিছে।এই সমগ্ৰ চিষ্টেমটোৱে চিনেমাখনক কোনো ক্ৰেডিট দিব বিচৰা নাই।’আনহাতে,সেই একেজন প্ৰধানমন্ত্ৰীয়ে ‘কেৰালা ষ্টৰী’ নামৰ চিনেমাখন সম্পৰ্কত কয় ‘ কেৰালা এখন অত্যন্ত ধুনীয়া ৰাজ্য।কেৰালাৰ মানুহবোৰ কষ্টসহিষ্ণু আৰু প্ৰতিভাশালী।কিন্তু এই চিনেমাখনে কেৰালাবাসীয়ে ভুগি অহা সন্ত্ৰাসবাদৰ সমস্যাবোৰ বাস্তৱৰূপত প্ৰতিফলিত কৰিছে৷দুখৰ কথা এয়াই যে কংগ্ৰেছে দেশ ধ্বংস কৰিব খোজা শক্তিৰ লগ লাগিছে।সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত লোকক পিছ দুৱাৰেদি কংগ্ৰেছে উৎসাহিত কৰে।সেয়ে কৰ্ণাটকৰ জনতাই কংগ্ৰেছৰ ক্ষেত্ৰত বিশেষভাৱে সজাগ হোৱাটো প্ৰয়োজন।উল্লেখ্য যে ‘কেৰালা ষ্টৰী’ নামৰ চিনেমাখন বিগত ৫ মে’ত মুক্তি লাভ কৰিছিল।চাৰিগৰাকী মহিলাৰ জীবনক লৈ চিনেমাখন নিৰ্মাণ কৰা হৈছে।ছোৱালী চাৰি গৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি ISIS ত যোগদান কৰে আৰু আফগানিস্থানলৈ যোৱাৰ পথত তেওঁলোক ধৰা পৰে।চিনেমাখনত লাভ জেহাদ আৰু ধৰ্মান্তকৰণৰ বিষয়টোক স্পষ্টভাৱে প্ৰতিফলিত কৰা হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কিন্তু অলিম্পিকৰ বটা প্ৰাপক বা অংশগ্ৰহণকাৰীৰ লগত ফটো ছেচন কৰিবলৈ কেতিয়াও কৃপণালি কৰা নাই কিন্তু সেই একেজন মানুহেই মল্লযোদ্ধাৰ সমস্যাৰ সময়ত দিল্লীতে থাকিও এবাৰো মাত দিয়াৰ সময় উলিয়াব পৰা নাই।ইয়াতেই মোডীৰ খেলুৱৈৰ প্ৰতি প্ৰকৃতাৰ্থত কিমান আন্তৰিকতা আছে তাৰ প্ৰমাণ দিয়ে বুলি কংগ্ৰেছে সমালোচনা কৰিছে ।

- Donation -

Leave A Reply

Your email address will not be published.