সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰেয়সীৰ মাংস সিজালে কুকাৰত !

গুৱাহাটীৰ বন্দনা,দিল্লীৰ শ্ৰদ্ধাতকৈয়ো ভয়াবহ কাণ্ড সংঘটিত হ’ল এইবাৰ মুম্বাইত।নিজৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে মনোজ ছৈনী নামৰ এজন ৫৬ বছৰীয়া ব্যক্তি।মুম্বাইৰ গীতানগৰ ফেজ ছেভেনত থকা আকাশদ্বীপ নামৰ এপাৰ্টমেণ্টটোত সংঘটিত হৈছে এক জঘন্য ঘটনা।মনোজ ছৈনী আৰু ৩২ বছৰীয়া সৰস্বতী বৈদ্য নামৰ যুৱতীগৰাকীয়ে এপাৰ্টমেণ্টটোৰ এটা ফ্লেট ভাড়ালৈ লৈ একেলগে বসবাস কৰিছিল।ফ্লেটটোত এনে জঘন্য ঘটনা সংঘটিত হোৱাৰ কোনো তথ্য নাছিল প্ৰতিবেশী সকলৰ হাতত।কিন্তু যোৱা সোমবাৰৰ আবেলিৰ পৰা তেওঁলোকে এক উৎকট দুৰ্গন্ধ পোৱাত কাষেপাঁজৰে এন্দুৰ জাতীয় কিবা মৰা বুলি ভাবিছিল।তেওঁলোকে কিন্তু ফ্লেটৰ ভিতৰত এনে ঘটনা হোৱাৰ কথা কল্পনাও কৰা নাছিল।ফ্লেটটোৰ এগৰাকী আৱাসীয়ে এএনআইক জনোৱা অনুসৰি ‘ মানুহজনে কাৰো লগত মিলামিচা কৰা নাছিল।মই আনকি তেওঁৰ নামটোও নাজানো৷কিন্তু সোমবাৰৰ আবেলিৰ পৰা আমি এক বেয়া গোন্ধ পাই আছিলোঁ৷ সেই বেয়া গোন্ধৰ উৎস যে আমাৰ কাষৰে ফ্লেটটো সেইটো মই ভাবিবও পৰা নাছিলোঁ।এনেকুৱা কাহিনী আমি টিভিতহে দেখিছোঁ।’ছৈনীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷থানে কৰ্টে তেওঁক ১৬ জুনলৈ আৰক্ষীৰ জিম্মাত ৰাখিব।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি হত্যাকাণ্ডটো প্ৰায় ৩ দিন আগতেই সংঘটিত হৈছিল.হত্যাকাণ্ডৰ পিছত ছৈনী মৃতদেহৰ লগত একেলগে আছিল ফ্লেটটোত।গীতা আকাশদ্বীপ ক’পাৰেটিভ হাউছিং ছ’চাইটিৰ সদস্যই বুধবাৰে ৭০৪ নম্বৰ ফ্লেটৰ পৰা দুৰ্গন্ধ ওলোৱা বুলি স্থানীয় আৰক্ষীক জনায়।
উল্লেখ্য যে বিগত ৩ বছৰ সেই একেটা এপাৰ্টমেণ্টতে আছিল দুয়ো।এপাৰ্টমেণ্টটোৰ সপ্তম মহলাৰ বাসিন্দা আছিল ছৈনী আৰু সৰস্বতী।
আৰক্ষীয়ে মৃতদেহৰ বিভিন্ন অংশ পাকঘৰৰ বাকেট,কুকাৰ আৰু আন বাচন বৰ্তনৰ পৰা উদ্ধাৰ কৰিছিল৷প্ৰাথমিক তদন্ত অনুসৰি ছৈনীয়ে গোন্ধ নোলাবৰ বাবে সৰস্বতীৰ মাংসৰ টুকুৰাবোৰ কুকাৰত সিজাই থৈছিল।এই দুৰ্ভাগ্যজনক হত্যাকাণ্ডটো সম্পৰ্কত NCP ৰ নেত্ৰী সুপ্ৰিয়া ছুলেই কয় ‘ কুকাৰত মৃতদেহ টুকুৰাটুকুৰ কৰি সিজোৱা,মিক্সিত গুৰি কৰা আদি কামবোৰ অতি ঘৃণনীয়।এয়া একেবাৰে অমানৱীয় আৰু জিঘাংসু মনৰ পৰিচায়ক।মহাৰাষ্ট্ৰ এতিয়া অপৰাধীৰ ঘাটি।মহাৰাষ্ট্ৰত কোনেও আইনলৈ ভয় নকৰে।মহিলাৰ বিৰুদ্ধে অপৰাধ দৈনিক বৃদ্ধিহে হৈছে মহাৰাষ্ট্ৰত।’শ্ৰদ্ধা ৱাকাৰ নামৰ এগৰাকী ২৭ বছৰীয়া যুৱতীকো ইয়াৰ আগতে ২০২২ চনৰ ১৮ মে’ত দিল্লীত তেওঁৰ লিভ ইন পাৰ্টনাৰ আফতাব আমিন পুনৱালাই হত্যা কৰি ফ্ৰীজত ভৰাই থৈছিল মৃতদেহ।২০২২ চনৰ জুন মাহতেই উত্তৰ প্ৰদেশতো এনে একে ধৰণৰ ঘটনা সংঘটিত হৈছিল।আনকি গুৱাহাটীতো বিগত আগষ্ট মাহত বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু শাহুৱেকক কাটি বস্তাত ভৰাই থৈছিল।মহাৰাষ্ট্ৰৰ খলনায়ক ছৈনীয়ে অৱশ্যে কিয় তেওঁ পাৰ্টনাৰক হত্যা কৰিলে তাৰ কাৰণ স্বীকাৰ কৰা নাই।

Leave A Reply

Your email address will not be published.