সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰধানমন্ত্ৰীৰ পদত্যাগ,হতবাক দেশবাসী

পদত্যাগ কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিন্দা আৰ্ড্ৰানে।৪২বছৰীয়া জেচিন্দাই নিউজিলেণ্ডক গভীৰ সংকটৰ সময়ত নেতৃত্ব দিছিল।ক’ভিড,দেশখনৰ প্ৰাকৃতিক দুৰ্যোগ আদিত সবল নেতৃত্ব প্ৰদান কৰি দেশখনক আগুৱাই লৈ যোৱাত অৰিহণা যোগাইছিল নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে কোনো আগজাননী নিদিয়াকৈ ৰাজহুৱা কৰিলে পদত্যাগৰ সিদ্ধান্ত।লেবাৰ পাৰ্টিৰ নেত্ৰী গৰাকীয়ে কয় “ মই মানুহ।আমি যিমান পাৰোঁ পৰাখিনি কৰিলোঁ।এতিয়া সময় আহিল।”আৰ্ড্ৰানে কয় তেওঁ ৭ ফেব্ৰুৱাৰীৰ ভিতৰত পদত্যাগ কৰিব।ইতিমধ্যে তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দ্বিতীয়টো কাৰ্যকালৰ ৩ বছৰ সম্পূৰ্ণ কৰিলে ।নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়
“মই বিশ্বাস কৰোঁ যে এখন দেশক নেতৃত্ব দিয়াটো সহজ নহয়৷ই এক বৃহৎ প্ৰত্যাহ্বান৷কিন্তু এনে কাম কৰাৰ সুযোগ লাভ কৰাটো মোৰ বাবে সৌভাগ্য।”২০১৯ চনৰ খ্ৰীষ্টচাৰ্চ মছজিদ আক্ৰমণৰ ঘটনাত মুঠ ৫১ জন মুছলমানে প্ৰাণ হেৰুৱা পৰিস্থিতিক সুন্দৰভাৱে আৰু কৌশলেৰে নিয়ন্ত্ৰণলৈ অনাৰ বাবে সমগ্ৰ বিশ্বই প্ৰশংসাৰে উপচাই দিছিল প্ৰধানমন্ত্ৰীগৰাকীক।বৃটিছ ভ’গ আৰু টাইম আলোচনীৰ ক’ভাৰত প্ৰকাশ পাইছিল নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সফলতাৰ কাহিনী।প্ৰকৃতাৰ্থত দেশতকৈ দেশৰ বাহিৰত অধিক জনপ্ৰিয় আছিল নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকী।
নিউজিলেণ্ডে দেশখনৰ নতুন নেতাগৰাকীক নিৰ্বাচিত কৰিব ১৪ অক্টোবৰত। তেতিয়ালৈকে আৰ্ড্ৰেনে সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।“ মই আমাৰ দল হাৰিব বুলি ভাবি পদত্যাগ কৰা নাই ,মই বিশ্বাস কৰোঁ যে আমি পাৰিম আৰু আমি জিকিম।”আড্ৰান বিশ্বৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী যিয়ে প্ৰধানমন্ত্ৰী দায়িত্ব চম্ভালি থকাৰ সময়ত গৰ্ভধাৰণ কৰি সন্তান জন্ম দিছিল।ইয়াৰ আগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টুৱে তেওঁৰ কাৰ্যকালত সন্তান জন্ম দিছিল।প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এতিয়া তেওঁৰ কন্যা নেভেৰ লগত সময় অতিবাহিত কৰিব বিচাৰে৷তেওঁৰ কন্যা এইবাৰ বিদ্যালয়লৈ যাব আৰু ইতিমধ্যে তেওঁ টিভি পাৰ্চনেলিটি ক্লাৰ্ক গেফৰ্ডৰ লগত বিবাহ পাশত আৱদ্ধ হৈছে।আমেৰিকাস্থিত নিউজিলেণ্ডৰ ৰাষ্ট্ৰদূত টম উদলে কয় যে আড্ৰান এগৰাকী অবিসম্বাদী বিশ্ব নেত্ৰী।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানীজে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী গৰাকীক বিশ্বৰ বুদ্ধিজীৱীক নেতৃত্ব দিব পৰা এক শক্তি আখ্যা দিছে।

Leave A Reply

Your email address will not be published.