সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘পদুম’ বোকাত লুতুৰিপুতুৰি !

এটা সময় আছিল,সমগ্ৰ ভাৰতখনকেই গেৰুৱা দেখা গৈছিল।দেশৰ ৰাজনৈতিক মানচিত্ৰৰ ৫৩% আৱৰি ৰাখিছিল কেৱল গেৰুৱা ৰঙে।সেয়া আছিল বিজেপিৰ জয়জয়ময়ময় সময়ৰ কথা৷সময় সলনি হ’ল।সেই সময়ত কংগ্ৰেছ বা আন বিৰোধী দলৰ অধীনত আছিল ৪৬% অঞ্চল।সময় সদায় একে নাযায়।ক্ষমতা সদায় একে জনৰ হাতত নাথাকে ।তাৰেই জ্বলন্ত উদাহৰণ বৰ্তমানৰ বিজেপি দল !দেশৰ পৰা কংগ্ৰেছক একেবাৰে আঁতৰাই পঠিয়াব বিচৰা বিজেপি এতিয়া সেই কংগ্ৰেছৰ ভয়ত ত্ৰস্তমান !’শক্তিহীন’ কংগ্ৰেছৰ দখলত আছে ৪ ৰাজ্য !মহাশক্তিমান বিজেপিৰ দখলতো আছে ৪ ৰাজ্য !’নাহাঁহিবি মোক,সোঁচৰিব তোক’ এই নীতিৰ স্বীকাৰ হ’ল বিজেপি নিজেই !
অসম,গুজৰাট,উত্তৰ প্ৰদেশ,উত্তৰাখণ্ডৰ বাহিৰে আন ৰাজ্যবোৰত ক’তো বিজেপিৰ একক সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ নাই।ঠিক সেইদৰে কংগ্ৰেছৰ একক দখলত আছে ৰাজস্থান,কৰ্ণাটক,হিমাচল প্ৰদেশ আৰু ছত্তীশগড়।উত্তৰ প্ৰদেশত লোকসভাৰ আসন আছে ৮০ খন,উত্তৰাখণ্ডত ৫ খন ,গুজৰাটত ২৬ খন,অসমত ১৪ খন লোকসভাৰ আসন আছে।আনহাতে কংগ্ৰেছৰ দখলত থকা ৰাজ্য কৰ্ণাটকত লোকসভাৰ আসন আছে ২৮ খন,হিমাচল প্ৰদেশত ৪খন ,ছত্তীশগড়ত ১১,ৰাজস্থানত ২৮ খন আসন আছে৷তদুপৰি বিজেপিয়ে মিত্ৰজোঁটেৰে চৰকাৰ গঠন কৰা মধ্য প্ৰদেশ,উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য ,গোৱা আদিত খুব কম আসন লৈ চৰকাৰবোৰৰ অংশীদাৰ হৈ আছে দলটো।সেয়ে আগন্তুক দিনত বিজেপিৰ পাল্লা যিমান ভাৰী তাতোকৈ কংগ্ৰেছৰ পাল্লাও যে কম ভাৰী নহয় সেয়া স্পষ্ট৷তদুপৰি বিহাৰৰ দৰে বিশাল ৰাজ্য বিজেপি বিৰোধী শিবিৰৰ দখলত থকাটোৱে চিন্তাত পেলাইছে শাসক দল বিজেপিক !

Leave A Reply

Your email address will not be published.