প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত চলি থকা বিনামূলীয়া ৰেচনৰ বিতৰণ চলিত মাহতে অন্ত পৰিব ৷ অহা ৩০ নৱেম্বৰৰ পাছত গৰীৱ কল্যান যোজনাৰ ম্যাদ বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ নাই ৷ চলিত মাহতে আঁচনিখনৰ ম্যাদ উকলি যাব ৷- এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য আৰু অসামৰিক বিতৰণ মন্ত্ৰালয়ৰ সচিব সুধাংশু পাণ্ডেই ৷ এক সংবাদমেলত তেও কয় যে কোভিডৰ বাবে বলবৎ কৰা লকডাউনৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰিবৰ বাবে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনা আৰম্ভ কৰা হৈছিল ৷ প্ৰথমাৱস্থাত ২০২০ চনৰ এপ্ৰিলৰ পৰা জুন মাহলৈ এই আঁচনিৰ অধীনত বিনামূলীয়া ৰেচন বিতৰণ কৰা হৈছিল ৷ তাৰ পাছত কেবাবাৰো আঁচনিখনৰ ম্যাদ বৃদ্ধি কৰা হয় ৷ কিন্তু অহা ৩০ নৱেম্বৰৰ পাছত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ ম্যাদ বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা নাই বুলি বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷