ন্যায়ালয়ক বশ কৰিবলৈ গৈ নিজেই ‘বশ’ হ’ল ৰিজিজু?

ন্যায়ালয়ক সন্তুষ্ট কৰিবলৈ কিৰেন ৰিজিজুৰ ক্ষমতা কৰ্তন নে ন্যায়ালয়ক বশ কৰিব নোৱাৰা বাবেই ক্ষমতাহীন হ’ল নেকি ৰিজিজু ?আইন মন্ত্ৰালয়ৰ পৰা আৰ্থ চায়েন্স পালে কিয় ৰিজিজুয়ে ?কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ হঠাৎ ক্ষমতা কৰ্তন ।অপ্ৰত্যাশিতভাৱে সলনি কৰা হ’ল আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ দপ্তৰ ।আইন আৰু ন্যায় মন্ত্ৰালয়ৰ সলনি এতিয়াৰে পৰা কিৰেন ৰিজিজুয়ে পালন কৰিব আৰ্থ চায়েন্স দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব ৷ কিৰেন ৰিজিজুৰ সলনি দেশৰ নতুন স্বতন্ত্ৰ আইন মন্ত্ৰী হ’ব অৰ্জুন ৰাম মেঘৱাল ।কিন্তু হঠাৎ কিয় কিৰেন ৰিজিজুৰ দপ্তৰ কৰ্তন কৰা হ’ল , তাক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্নৰ উদয় হৈছে।মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত আইন মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতেই ন্যায় ব্যৱস্থা , ন্যায়াধীশক লৈ সৰৱ হৈ পৰিছিল আইন মন্ত্ৰী কিৰেন ৰিজিজু । ন্যায়াধীশ নিযুক্তিৰ বাবে প্ৰচলিত কলাজিয়াম ব্যৱস্থাক সুযোগ পালেই সমালোচনা কৰি আহিছিল কিৰেন ৰিজিজুয়ে । আনকি ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰতো হেঙাৰ হৈ থিয় দিছিল কিৰেন ৰিজিজুৰ আইন আৰু ন্যায় মন্ত্ৰালয় । শেষত ৰিজিজুৰ বিভাগৰ ভূমিকাত অসন্তুষ্ট হৈ উচ্চতম ন্যায়ালয়ে এইবুলিও মন্তব্য কৰিছিল যে চৰকাৰে ফাইলৰ ওপৰত বহি থাকিলে ফাইল প্ৰেৰণ নকৰাই ভাল । কলাজিয়াম ব্যৱস্থাক লৈও ন্যায়ালয় আৰু ৰিজিজুৰ মাজত প্ৰত্যক্ষ সংঘাত হৈছিল । কিৰেন ৰিজিজুৰ কাৰ্যকালত চৰকাৰ আৰু ন্যায়ালয়ৰ মাজত দূৰত্ব ইমানেই বৃদ্ধি পায় যে চৰকাৰে ন্যায়ালয়ত বন্ধ খামত দাখিল কৰা প্ৰতিবেদনো ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । কিন্তু ইমানৰ পাছতো ন্যায়ালয়ৰ ভূমিকাক লৈ প্ৰায়ে আক্ৰমণাত্মক মন্তব্য কৰি গৈছিল কিৰেন ৰিজিজুয়ে ।শেহতীয়াকৈ ন্যায়ালয়ে বিলকিছ বানুৰ গোচৰ মুকলি কৰাৰ পৰা আৰম্ভ কৰি গৌতম আদানিৰ জালিয়াতিৰ তদন্তলৈ , কেবাটাও ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বেও নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ লগতে দিল্লী চৰকাৰক প্ৰশাসনীয় ক্ষমতা অৰ্পনৰ যুগান্তকাৰী ৰায়দান কৰিছে উচ্চতম ন্যায়ালয়ে ।যাৰ পৰা আগন্তুক দিনত চৰকাৰ শ’লঠেকত পৰাৰ সম্ভাৱনা আছে । ধাৰণা কৰা হয় যে আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ আক্ৰমণাত্মক স্থিতিৰ বাবেই চৰকাৰৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ লগতে উচ্চতম ন্যায়ালয় ৷ এক কথাত উচ্চতম ন্যায়ালয়ক বশ কৰাত ব্যৰ্থ হ’ল আইন মন্ত্ৰী কিৰেন ৰিজিজু । বৰং ন্যায়ালয়ক বদনামী কৰাৰ তেওঁৰ সকলো চেষ্টা হিতে বিপৰীতহে হ’ল ।ইয়াৰ বাবেই আইন আৰু ন্যায় দপ্তৰ হেৰুৱালগীয়া হ’ব বুলি ৰাজধানীত সৰৱ চৰ্চা আৰম্ভ হৈছে।কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা কিৰেন ৰিজিজু কম সময়ৰ ভিতৰতেই প্ৰধানমন্ত্ৰী মোডীৰ আস্থাভাজন হৈ পৰিছিল ।মোডীৰ দ্বিতীয়টো কাৰ্যকালত সেয়ে তেওঁক দিয়া হৈছিল গুৰুত্বপূৰ্ণ আইন মন্ত্ৰালয় ৷ যি মন্ত্ৰালয়ৰ পূৰ্বৰ মন্ত্ৰী আছিল ৰবিশংকৰ প্ৰসাদৰ দৰে জ্যেষ্ঠ বিজেপি নেতা।আইন মন্ত্ৰী হিচাপে ন্যায় ব্যৱস্থা সন্দৰ্ভত কঠোৰ স্থিতি ল’লেও তেওঁ উচ্চতম ন্যায়ালয়ত প্ৰভাৱ বিস্তাৰ কৰাত বিফল হ’ল ৷ ইফালে সন্মুখত আছে লোকসভা নিৰ্বাচন ।বিলকিছ বানু, গৌতম আদানি , ইলেক্ট’ৰেল বণ্ডকে ধৰি কেবাটাই গোচৰ ন্যায়ালয়ত বিচাৰাধীন।যি কেইটা গোচৰে নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰক শ’লঠেকত পেলাব পাৰে ৷ সেইবাবেই প্ৰধানমন্ত্ৰী মোডীয়ে কিৰেন ৰিজিজুৰ ক্ষমতা কৰ্তনেৰে বিফলতাৰ শাস্তি প্ৰদান আৰু একেসময়তে ন্যায়ালয়লৈও যুদ্ধবিৰতিৰ বাৰ্তা প্ৰেৰণ কৰা বুলি চৰ্চা আৰম্ভ হৈছে ।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে