সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিজৰ টুইটৰ বাবে ক্ষমা নিবিচাৰে প্ৰশান্ত ভূষণে, আজি এক বিবৃত্তি যুগে উচ্চতম ন্যায়ালয়ক জনায় বিশিষ্ট আইনজীৱি জনে

প্ৰশান্ত ভূষণৰ বিৰুদ্ধে চলি থকা আদালত অৱমাননাৰ গোচৰত উচ্চতম ন্যায়ালয়ে যোৱা ২০ আগষ্টত ভূষণক আজি অৰ্থাৎ সোমবাৰৰ ভিতৰত তেওঁৰ পূৰ্বৰ স্থিতি সম্পৰ্কে পুনৰ বিচাৰ কৰি আদালতত ক্ষমা বিচৰাৰ পৰামৰ্শ দিছিল। কিন্তু আজি বিশিষ্ট আইনজীৱি জনে এক বিবৃত্তি যুগে আদালতৰ ওচৰত ক্ষমা নিবিচাৰে বুলি জানিব দিয়ে।

বিবৃত্তিটোত তেখেতে কয় যে যি ডিত বিশেষ টুইটৰ বাবে তেখেতৰ বিৰুদ্ধে গোচৰ তৰা হৈছে সেই টুইট দুটাই তেওঁৰ বিশ্বাসক প্ৰতিফলিত কৰে। গতিকে টুইট দুটাৰ বাবে আদালতৰ ওচৰত তেখেতে ক্ষমা নিবিচাৰে।

- Donation -

উল্লেখযোগ্য যে বিশিষ্ট আইনজীৱি জনৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা টুইট দুটাত তেখেতে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ব’ব্দে ক সমালোচনা কৰাৰ লগতে পূৰ্বৰ ৪ জন ন্যায়ধীশৰ বিগত ৬ বছৰৰ কাৰ্যকালৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল

Leave A Reply

Your email address will not be published.