সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নগা চুক্তি: দিল্লীত আজিৰে পৰা পুনৰ আৰম্ভ গৃহ মন্ত্ৰালয় আৰু NSCN-IM ৰ আলোচনা

যোৱা প্ৰায় ৮ মাহ ধৰি স্থৱিৰ হৈ থকা NSCN-IM আৰু গৃহ মন্ত্ৰালয়ৰ মাজত নগা চুক্তি সম্পৰ্কে আলোচনা আজিৰ পৰা পুনৰ নতুন দিল্লীত আৰম্ভ হৈছে।আজি আৰম্ভ হোৱা বৈঠকখন দৈনিক হিচাপত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ ভিত্তিত এই তৎপৰতা কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে আৰম্ভ কৰিছে বুলি জানিব পৰা যায়৷

আজিৰ বৈঠকত ইন্টেলিজেন্স ব্যুৰ’ৰ অতিৰিক্ত সঞ্চালক এ কে মিশ্ৰ আৰু উত্তৰ-পূবৰ দায়িত্বত থকা অৰবিন্দ সিঙৰে এই বৈঠকত NSCN-IMৰ মুখ্য মধ্যস্থতাকাৰী তথা সাধাৰণ সম্পাদক থুইংগালেং মুইভা আৰু সংগঠনটোৰ কলেক্টিভ লীডাৰশ্বীপ বৰ্গ উপস্থিত থাকে৷

- Donation -

ইয়াৰ মাজতে NSCN-IM য়ে মধ্যস্থতাকাৰী পদৰ পৰা ৰবিক আঁতৰাই এজন নতুন মধ্যস্থতাকাৰীক নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে।

উল্লেখযোগ্য যে যোৱা নৱেম্বৰ মাহত গৃহ মন্ত্ৰালয় আৰু NSCN-IM ৰ মাজৰ আলোচনাৰ সফল পৰিসমাপ্তি নোহোৱাৰ এটা অন্যতম কাৰণ আছিল NSCN-IM ৰ নাগালেণ্ডৰ বাবে পৃথক পতাকা আৰু সংবিধানৰ দাবী। লক্ষণীয় হ’ব যে আজিৰ পৰা পুনৰ আৰম্ভ হ’ব লগীয়া এই আলোচনাত ভাৰত চৰকাৰে এই দাবী মানি ল’বনে NSCN-IM য়ে সলনি কৰিব নিজৰ স্থিতি।

Leave A Reply

Your email address will not be published.