সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ড০ পূর্ণ ভট্টাচার্যলৈ ‘বন্ধু-চাকি সাহিত্য-বঁটা’

বয়স নিৰ্বিশেষে কবি-প্ৰতিভাৰ সন্ধান কৰি তুলি ধৰা, আৰু নিষ্ঠাৱান কবিক মৰ্যাদা দিয়াৰ মানসেৰে গঢ় লৈ উঠা ‘বন্ধু-চাকি’ৰ পঞ্চম-প্ৰয়াস হিচাপে, ২০২৩ খ্ৰীষ্টাব্দৰ ‘বন্ধু-চাকি সাহিত্য-বঁটা’ আগবঢ়োৱা হৈছে — ‘মানুহবোৰ যেতিয়া তেজত ফুলে’ (১৯৯৬), ‘চাফ-চিকুণৰ বাবে পাঁচ নম্বৰ’ (২০১৫)কে ধৰি ছয়খন কবিতা-পুথি ; ‘আধুনিক অসমীয়া কবিতা’ (২০০১, ২০২১) কে লৈ তিনিখন সাহিত্য-বিষয়ক আলোচনামূলক গ্ৰন্থ ; ‘টু-লেট আৰু দুটি শালিকা’ (২০১০) নামৰ গল্পৰ পুথি ; আৰু, ‘কোন ঘাটে বান্ধিবা নাও’ (২০১৫) শীৰ্ষক গীতৰ সংকলনৰ স্ৰষ্টা, স্বনামধন্য কবি ড০ পূৰ্ণ ভট্টাচার্যদেৱলৈ (জন্ম : ১৯৫৮)। লগতে, দহগৰাকী নিৰ্বাচিত কবিলৈ ‘বন্ধু-চাকি উদগনি-বঁটা, ২০২৩’ আগবঢ়োৱা হ’ব।
তদুপলক্ষে, অহা ৮ জানুৱাৰী, ২০২৩ তাৰিখ দেওবাৰে গুৱাহাটীস্থ অসম সাহিত্য সভাৰ ‘নেহা আগৰৱালা ভৱন’ত দিনৰ ১১ বজাত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত কবি ভট্টাচার্যৰ হাতত সাহিত্য-বঁটাটি তুলি দিব বিশিষ্ট শিক্ষাবিদ, লেখক-আবৃত্তিকাৰ ড০ অমৰজ্যোতি চৌধুৰীদেৱে।বিয়লি অনুষ্ঠিত হ’বলগীয়া ‘কবিতাৰ আড্ডা’লৈকো, সকলো সুহৃদৰ সঁহাৰি বিচাৰিছে উদ্যোক্তাসকলে।

Leave A Reply

Your email address will not be published.