গামোচা বিতৰ্ক : হুংকাৰ লাচিত সেনাৰ

অসমীয়াৰ স্বাভিমান গামোচাক কৰা অপমানক লৈ সৰৱ বীৰ লাচিত সেনা।শিৱসাগৰ সদৰ থানাত গোচৰ তৰিলে বীৰ লাচিত সেনাই।সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শিক্ষা মন্ত্ৰী ৰণোজ পেগু, বিজেপি নেতা শিলাদিত্য দেৱ আৰু বঙালী সাহিত্য সভাৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে গোচৰ তৰিলে সংগঠনটোৱে।বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ হুংকাৰ। অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক দোষী ব্যক্তি কেইজনক।গ্ৰেপ্তাৰ নকৰিলে কালিৰে পৰা ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ কৰিব বীৰ লাচিত সেনাই।অসম আৰক্ষীয়ে শিলাদিত্য দেৱ সহ সকলোকে গ্ৰেপ্তাৰ নকৰিলে আৰক্ষী দায়বদ্ধতা আয়োগত গোচৰ দিয়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ।আমি জাতিটোক বচাম বুলি কলে জে’ললৈ পঠিয়ায় আৰু শিলাদিত্যই অসমীয়া জাতিক বিক্ৰী কৰাৰ পিছত অসমীয়াক বাৰে বাৰে ভেঙুচালি কৰাৰ পিছত কেনেকৈ জে’ললৈ নোযোৱাকৈ আছে তাক লৈ প্ৰশ্ন কৰে শৃংখল চলিহাই।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে