‘গামোচা’ৰ খং কমাই নাই

গামোচা বিতৰ্কই জ্বলাকলা খুৱাইছে দল সংগঠনকো।ৰাজ্যৰ থানাই থানাই এজাহাৰ দাখিল দল সংগঠনৰ।শিৱসাগৰ সদৰ থানাত আজি এজাহাৰ দাখিল কৰে জাতীয় সংগ্ৰামী সেনাই।অসমীয়া স্বাভিমানৰ গামোচা খনক অপমান কৰা প্ৰতিগৰাকী ব্যক্তিৰ বিৰুদ্ধে আজি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল জাতীয় সংগ্ৰামী সেনাৰ।অসমত থাকি অসমীয়া ভাষা কলা, সংস্কৃতি, কৃষ্টিক বাৰে বাৰে অপমান কৰা শিলাদিত্য দেৱৰ দৰে বঙালী সম্প্ৰদায়ৰ ব্যক্তিক অসম এৰি যাবলৈ দাবী কৰে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে