সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মানুহ থকাই টান ৰ’দত, তেন্তে কোনে পানী দিব গছত?

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য মাথোন অভিলেখ গঢ়াত।ইটোৰ পিছত সিটো অভিলেখ গঢ়ি নিজৰ শাসনৰ সমযচোৱা আনতকৈ যে পৃথক তাকেই যেন প্ৰতিপন্ন কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰী ড° শৰ্মাই।কেতিয়াবা যদি ১২হাজাৰ বিহুৱা-নাচনীক সৰুসজাইত নচুৱাই গঢ়িছে অভিলেখ,কেতিয়াবা আকৌ বীৰ লাচিত বৰফুকনৰ জন্মদিনটোক দিল্লীতে উদযাপন কৰোঁগৈ বুলি ভাৰেভেঁটিয়ে বান্ধি দিল্লী পোৱাইছেগৈ।মুঠতে আগতে কোনেও নকৰা,কোনেও নভবা কাম কৰাটো মুখ্যমন্ত্ৰীগৰাকীৰ চখ।ৰাইজৰ পৰা বিভিন্ন প্ৰকাৰে সংগ্ৰহ কৰা ৰাজহ,কৰ আদি বি ভিন্ন অনুৎপাদনমূলক কামত ব্যয় কৰা,নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰাটো বৰ্তমান ৰাজ্যত এক নিত্যনৈমিত্তিক ঘটনাৰ দৰে।ৰাজ্যৰ জনতাৰ কি লাভ হ’ব সেয়া পিছৰ কথা,মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী সৃষ্টি কৰিব পাৰিব,বৃহৎ বৃহৎ ফ্লাই অভাৰ বনাই নিজৰ সফলতা জাহিৰ কৰিব পাৰিব -সেই উদ্দেশ্যেই এনেবোৰ নোহোৱানোপজা পদক্ষেপ হাতত লয় মুখ্যমন্ত্ৰীয়ে।একেই অভিলেখ গঢ়াৰ লক্ষ্যৰে এইবাৰ মুখ্যমন্ত্ৰীয়ে লৈছে অভিনৱ পদক্ষেপ।অহা ৯ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ ৰাজ্যত ১ কোটি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে৷এই সমগ্ৰ প্ৰকল্পটোত ব্যয় হ’ব ৪৭ কোটি।বৃক্ষৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে একেলগে তিনি লাখ গছপুলি নিৰ্দিষ্ট স্থানত সজাই ৰখা হ’ব।সেই বিশেষ দিনটোতেই গছবোৰ বিতৰণ কৰা হ’ব৷নিৰ্ধাৰিত এক ঘণ্টাৰ ভিতৰত সৰ্বাধিক গছপুলি ৰোপণ কৰা হ’ব আৰু একে স্থানতে সৰ্বাধিক গছ ৰোপণ আদি কাৰ্যসূচীৰে বিভিন্ন শিতানত বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে৷ইতিমধ্যে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ লগত যোগাযোগ কৰিছে ৰাজ্য চৰকাৰে।বুধবাৰে দিছপুৰত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় এই বৃক্ষৰোপণ কাৰ্যসূচীক অমৃত বৃক্ষ আন্দোলন হিচাপে নামাকৰণ কৰা হৈছে বুলি জনায়।অমৃত বৃক্ষ আন্দোলনৰ অংশীদাৰ হ’বলৈ ৰাজ্যৰ মুঠ ৪৭ লাখ ৩৪ হাজাৰ ৪৬৫ গৰাকীয়ে পৰ্টেলত নাম পঞ্জীয়ন কৰিছে।পঞ্জীয়নভুক্ত লোকসকলৰ প্ৰতিগৰাকীক দুজোপাকৈ গছ দিয়া হ’ব।সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হ’ব এই গছ৷অগৰু,ৰঙা চন্দন,বনচোম,ঘোঁৰা নিম,হোলোং,ডালচেনি,তেজপাত,তিতাচপা,শিমলু,চেগুন আদিৰ পুলি যোগান ধৰা হ’ব।এই গছপুলিবোৰ নিজৰ নিজৰ বাৰীত ৰোপণ কৰি তাৰ ফটো নিৰ্দিষ্ট পৰ্টেলত আপলোড কৰিব লাগিব।গছপুলি ৰোপণৰ বাবদ ১০০ টকা আৰু প্ৰতিপালনৰ নামত ৩ বছৰ পিছত ২০০ টকা দিব বৃক্ষৰোপণ কৰোঁতাসকলক।চলিত বৰ্ষত এক কোটি আৰু অহা বছৰ আগষ্ট মাহত একেলগে ৩ কোটি গছ ৰুব।মুখ্যমন্ত্ৰীৰ মতে এই বৃক্ষৰোপণ কাৰ্যসূচীৰ ফলত অনাগত ১০ বছৰৰ পিছত হাৰিয়ানা-পঞ্জাৱৰ দৰে প্লাইউদ ফেক্টৰী হ’ব অসমত।তদুপৰি অহা ৯ ছেপ্তেম্বৰত খানাপাৰাত একেলগে ৩ লাখ গছপুলি বিতৰণ কৰি এক বিশ্ব ৰেকৰ্ড গঢ়িব মুখ্যমন্ত্ৰীয়ে।১০ ছেপ্তেম্বৰত একোজন ব্যক্তিক ২ জোপাকৈ গছ দি ৩ লাখ গছপুলি বিতৰণ কৰি গঢ়া হ’ব দ্বিতীয় বিশ্ব অভিলেখ।১৪ ছেপ্তেম্বৰত ওদালগুৰিত একেলগে ১০ লাখ গছপুলি ৰুই আন এক বিশ্ব অভিলেখ গঢ়া হ’ব।নাহৰকটীয়াত ১৫ ছেপ্তেম্বৰত এঘণ্টাৰ ভিতৰত সৰ্বাধিক গছপুলি ৰোপণেৰে পূৰ্বৰ এই বিশ্ব ৰেকৰ্ড ভংগ কৰা হ’ব আৰু ইয়ো হ’ব এক বিশ্ব অভিলেখ।এক কথাত অভিলেখ ঠিকেই হ’ব কিন্তু এই খৰাং বতৰত সূৰ্যৰ প্ৰখৰ উত্তাপত গছপুলি যে বাচি থাকিব সেই আশা ক্ষীণ !

Leave A Reply

Your email address will not be published.