সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

খালী ভৰিৰে এগৰাকী অধিবক্তা কিন্তু কিয়?

‘ভাৰত জোড়ো’ত এগৰাকী পদযাত্ৰী হিচাপে যাত্ৰা আৰম্ভ কৰিছিল বিক্ৰম প্ৰতাপ সিঙে।মধ্যপ্ৰদেশৰ পৰা এই যাত্ৰাত অংশ লৈছিল তেওঁ৷বিগত আঢ়ৈ মাহত প্ৰতি দিনেই এই ব্যক্তিজনে খোজ কাঢ়িছে৷মধ্য প্ৰদেশৰ উমাৰিয়া জিলাৰ পৰা তেওঁ আৰম্ভ কৰিছিল এই যাত্ৰা।সিঙে কয় “ বিগত ২৮ অক্টোবৰত মই প্ৰথমবাৰ এই যাত্ৰাত অংশ লৈছিলোঁ।মই ৰাহুলজীৰ বাৰ্তা সমগ্ৰ দেশত বিয়পাই দিব বিচাৰিছোঁ।মই মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিলোঁ৷এতিয়া খালী ভৰিৰে হাৰিয়ানাৰ পানীপথ পাইছোঁহি।”সাংবাদিকে প্ৰশ্ন কৰিছিল “খালী ভৰিৰে খোজ কঢ়াত আপোনাৰ সমস্যা হোৱা নাই নে?”সিঙে উত্তৰত কৈছিল “ মুদ্ৰাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাই জুৰুলা কৰা লোকৰ তুলনাত মই কম কষ্ট পাইছোঁ।এই যাত্ৰাৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই৷ধৰ্ম আৰু জাতিৰে বিভাদৰ ৰাজনীতি কৰা লোকসকলক প্ৰথম ৰাষ্ট্ৰীয়তাবাদী হ’বলৈ আহ্বান জনোৱাই ইয়াৰ লক্ষ্য।”

Leave A Reply

Your email address will not be published.