সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কুটিল ষড়যন্ত্ৰৰ বলি বিপিফৰ প্ৰাক্তন বিধায়ক ?

প্ৰাক্তন বিধায়ক তথা জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি হিতেশ বসুমতাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সভাপতিক আটক ।উল্লেখ্য যে তিনিওজন আছিল বিপিএফৰ নেতা । কোকৰাঝাৰ আৰক্ষীয়ে কালি নিশা বিপিএফৰ নেতা , প্ৰাক্তন বিধায়ক তথা বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰী , জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সভাপতি বিক্ৰম দৈমাৰীক আটক কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কি কাৰণত আটক কৰা হ’ল আৰক্ষীয়ে সেয়া অদ্যপি প্ৰকাশ কৰা নাই যদিও ঘটনাটোৱে বিটিআৰ এলেকাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীৰ পত্নীয়ে প্ৰকাশ কৰা মতে কালি নিশা ২ মান বজাত আৰক্ষীয়ে সীমাৰ দেৱাল পাৰ হৈ তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে আৰু বসুমতাৰীক আটক কৰি থানালৈ লৈ যায়।আৰক্ষীয়ে কি কাৰণত মাজনিশা তেওঁৰ স্বামীক থানালৈ লৈ যাব ওলাইছে সেয়া বাৰম্বাৰ সোধা সত্বেও কোনো তথ্য প্ৰকাশ নকৰিলে বুলি সদৰি কৰিছে বসুমতাৰীৰ পত্নীয়ে ।আনহাতে বনছুৰ প্ৰতিনিধিসকল কোকৰাঝাৰ সদৰ থানাত উপস্থিত হৈ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এৰেষ্ট ওৱাৰেণ্ট অবিহনে ৬০ বছৰৰ উৰ্ধৰ ব্যক্তি দাওৰাও দেখ্ৰেব নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছে ।আৰক্ষীয়ে কি কাৰণত তিনিওজন নেতাকে আটক কৰিলে সেয়া অদ্যপি জানিব পৰা হোৱা নাই যদিও তিনিওজনেই বিপিএফৰ নেতা হোৱাটোলৈ চাই ৰাজনৈতিক কাৰণত গ্ৰেপ্তাৰ কৰিলে নেকি তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে । হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ বুলি পৰিচিত তিনি নেতাক আটক কৰা সন্দৰ্ভত বিপিএফ দলৰ জেষ্ঠ্য নেতা তথা বিটিচিৰ পাৰিষদ দনেশ্বৰ গয়াৰীয়ে আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া অসম চৰকাৰৰ পৰিকল্পনা আৰু ৰাজনৈতিক ষড়যন্ত্ৰ । যদি জনজাতি সকলৰ বাবে মাত মাতি থকাৰ বাবে গ্ৰেপ্তাৰ কৰিছে তেন্তে ই জাতিটোৰ বাবে দূৰ্ভাগ্যজনক আৰু ই চৰকাৰৰ জনজাতি বিৰোধী কামৰ প্ৰতিফলন । বৰ্তমান তিনিওজনকে কোকৰাঝাৰ সদৰ থানাত ৰাখি মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।কোকৰাঝাৰ থানাত ইতিমধ্যে জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈছে । থানাৰ বাহিৰত উৎসুক দল -সংগঠন- ব্যক্তিয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সম্প্ৰতি সদৰ থানাৰ মূলদ্বাৰ বন্ধ কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষীয়ে।কোকৰাঝাৰত প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ পত্নী অঞ্জনা বসুমতাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দুবাৰকৈ তেওঁলোকৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাইছিল।প্ৰথমবাৰ তালাচীত একো পোৱা নাছিল আৰক্ষীয়ে।
দ্বিতীয়বাৰ গাঁৱৰ মানুহক লৈ তালাচী চলাওঁতেই অস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।অঞ্জনা বসুমতাৰীৰ মতে এয়া সম্পূৰ্ণ পৰিকল্পিত।আৰক্ষীয়ে নিজেই অস্ত্ৰ থোৱা বুলি অভিযোগ তুলিছে অঞ্জনা বসুমতাৰীয়ে।দেহৰক্ষীকো প্ৰশিক্ষণ আছে বুলি নিশাই আঁতৰাই নিছিল।সম্পূৰ্ণ ঘটনা পৰিকল্পিত বুলি অভিযোগ বসুমতাৰীৰ পত্নীৰ।

Leave A Reply

Your email address will not be published.