সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কিহত সাদৃশ্য আছে মোডী-হিমন্তৰ ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আদৱকায়দাত আছে যথেষ্ট সাদৃশ্য।শেহতীয়া প্ৰায়বোৰ কাম কাজতে সেই সাদৃশ্য প্ৰকাশ পাইছে।89অৱশ্যে সাদৃশ্য বুলি ক’লে ভুল হ’ব।এয়া আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৰা অনুকৰণৰ ফলহে !গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পৰাই বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আছিল বহুবল্কী।পানী নসৰকাকৈ কথা কোৱাটো তেওঁৰ বক্তৃতাৰ শৈলী।সেই একেই শৈলীৰ বাবে বিখ্যাত আমাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।দুয়োজনৰ কথন শৈলীত দাম্ভিক মনোভাৱ স্পষ্ট।কিন্তু ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ বুম দেখিলে আগবাঢ়ি যোৱাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাংবাদিকক দেখিলে পিছুৱায়।বিগত ৯ বছৰীয়া কাৰ্যকালত আগতীয়াকৈ এপইণ্টমেণ্ট লোৱা সাংবাদিকৰ বচা বচা প্ৰশ্নৰহে মুখামুখি হৈছে নৰেন্দ্ৰ মোডী।তাৰ বিপৰীতে সাংবাদিক দেখিলে আগবাঢ়ি গৈ চালেবাৰে কোবায় নিজৰ লগতে চৰকাৰৰ প্ৰচাৰ কৰাত সিদ্ধহস্ত অসমৰ মুখ্যমন্ত্ৰী।মাত্ৰ এই বিষয়টোত বৈসাদৃশ্য থকা অসমৰ মুখ্যমন্ত্ৰীয়ে বাকী সকলো বিষয়তে প্ৰধানমন্ত্ৰীক কৰে অন্ধভাৱে অনুকৰণ।সেয়া লাগিলে ফ্লাই অভাৰ মুকলিৰ সময়তেই হওক অথবা নদীৰ ওপৰৰ দলং মুকলিৰ সময়তেই হওক।
এই ফটো কেইখনলৈ মন কৰক ! paste pix of Narendra Modi on Bogibeel and Himanta on Maligaon Flyover.
ধলা-শদিয়া দলং মুকলিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অকলে মাজত ৰৈ যি ধৰণে প’জ দিছিল,সেই ধৰণেই মুখ্যমন্ত্ৰীয়ে প’জ দিলে মালিগাঁও ফ্লাই অভাৰ মুকলিৰ সময়ত৷একেই প’জ দিলে বঙাইগাঁৱৰ দলং উদ্বোধনৰ সময়তো।ঠিক সেইদৰে প্ৰধানমন্ত্ৰীয়ে যেনেকৈ বিমুদ্ৰাকৰণ,GST,ক’ভিডৰ লকডাউন আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ঘোষণা কৰিছিল ঠিক তেনেদৰেই ডাঙৰ ডাঙৰ ঘোষণাবোৰ কাৰো লগত আলোচনা নকৰাকৈ,জনতাৰ প্ৰতিক্ৰিয়া লক্ষ্য নকৰাকৈ অসমৰ মুখ্যমন্ত্ৰীয়েও সহজভাৱেই কৰে।তৃতীয় সাদৃশ্যটো হ’ল জনতা হাৰাশাস্তিৰ সন্মুখীন হোৱা ঘোষণা কৰোতে দুয়োজনে কোনো উদ্বিগ্নতা প্ৰকাশ নকৰি ,একেবাৰে সহজ আৰু স্বাভাৱিকভাৱে ঘোষণাবোৰ কৰে।বিমুদ্ৰাকৰণ,লকডাউনে ভয়ংকৰ বিপদলৈ ঠেলি দিছিল সাধাৰণ জনতাক কিন্তু প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত কোনোদিনেই ইয়াক লৈ অনুশোচনাত দগ্ধ হোৱা নাছিল।ঠিক সেইদৰে মুখ্যমন্ত্ৰীয়েও মাটি দালাল ধৰাৰ নামত, বাল্য বিবাহৰ নামত ,বুলডজাৰেৰে অভিযুক্তৰ ঘৰ ধ্বংস কৰাৰ নামত,ভুৱা এনকাউণ্টাৰৰ নামত জনতাক হাৰাশাস্তি কৰিলেও কোনো দিনেই তাৰবাবে অনুশোচনাত ভোগা নাই।উল্লেখ্য যে দালাল ধৰা ,বাল্য বিবাহ,বুলডজাৰেৰে অভিযুক্তৰ ঘৰ ভঙাৰ নামত গ্ৰেপ্তাৰ হোৱা অধিকাংশৰ বিৰুদ্ধে সাক্ষ্য প্ৰমাণেই দিব নোৱাৰিলে আৰক্ষীয়ে।প্ৰায়ে ভাৰ্চুৱেলি দেশৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ মানুহৰ লগত একেবাৰে ঘৰুৱা শৈলীৰে প্ৰধানমন্ত্ৰীয়ে কথা পাতি সেয়া মেডিয়াৰ জৰিয়তে সম্প্ৰচাৰ কৰি বাঃ বাঃ লয় ।ঠিক সেইদৰে অসমৰ মুখ্যমন্ত্ৰীয়েও প্ৰায় প্ৰতিটো ভ্ৰমণৰ সময়তে আগতীয়াকৈ সাজু কৰি ৰখা সাধাৰণ মানুহৰ লগত সাধাৰণ শৈলীৰে মত বিনিময় কৰে।ফটোৰ প’জক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যিমান গুৰুত্ব,সিমানেই ফটোক লৈ ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী।বিগত এপ্ৰিল মাহত সৰুসজাইৰ বিহু অনুষ্ঠানত নাচনী-ঢুলীয়াৰ লগত ফটো তোলাৰ এক কাৰ্যসূচীয়েই সুকীয়াকৈ ৰাখিছিল মুখ্যমন্ত্ৰী হিমন্তই।ঠিক সেইদৰে অভিলেখৰ প্ৰতি অত্যন্ত হাবিয়াস প্ৰধানমন্ত্ৰীৰ।সেয়া লাগিলে চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তি নিৰ্মাণ কৰিয়েই হওক অথবা লালকিল্লাত দীঘলীয়া ভাষণ দিয়েই হওক নাইবা লোকসভাত সবাতোকৈ দীঘলীয়া ভাষণ দিয়েই হওক।মুঠতে প্ৰধানমন্ত্ৰীক সকলোতে লাগে অভিলেখ।ঠিক সেইদৰে মুখ্যমন্ত্ৰী হিমন্তয়ো অভিলেখত সদায় গুৰুত্ব দিয়ে।সৰুসজাইত বিহু পাতি অভিলেখ গঢ়াৰ পৰা,লাচিত বৰফুকনক বিশ্ব দৰবাৰলৈ নিয়াৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনৰ সুউচ্চ মূৰ্তি নিৰ্মাণলৈকে সকলোতে কেৱল অভিলেখ গঢ়ি নিজৰ নাম যাউতিযুগীয়া কৰাত ব্যস্ত থাকে অসমৰ মুখ্যমন্ত্ৰী।শেহতীয়াকৈ আনকি এক কোটি গছপুলি ৰোপণ কৰিও অভিলেখ গঢ়াৰ পাং পাতিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।সিন্ধান্ত সলনি আৰু গ্ৰহণৰ ক্ষেত্ৰতো দুয়োজনেই গঢ়িছে অভিলেখ।১০০০ আৰু ৫০০ টকীয়া বন্ধ কৰি ২০০০ টকীয়াৰ প্ৰচলন কৰাৰ সিদ্ধান্ত লৈছিল মোডীয়ে।২০২৩ বৰ্ষৰ জুনত ২০০০ টকীয়া নোটৰ প্ৰচলন পুনৰ বন্ধ কৰিলে ভাৰত চৰকাৰে।ঠিক সেইদৰে অসমৰ বিভিন্ন বিভাগ ঘাইকৈ শিক্ষা বিভাগৰ প্ৰায়বোৰ সিদ্ধান্তই ঘোষণা কৰি বাতিল কৰাৰ নজিৰ আছে অসমত।মুঠতে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰায়বোৰ কৰ্মপন্থা,আচাৰ আচৰণত প্ৰধানমন্ত্ৰীৰ যে প্ৰভাৱ পৰে সেয়া নিশ্চিত। গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীৰ দৰে গধুৰ দায়িত্ব লাভ কৰা নৰেন্দ্ৰ মোডীক অনুকৰণ কৰি ৰাষ্ট্ৰীয় ৰাজনীতিলৈ ঢাপলি মেলিব খুজিছে নেকি অসমৰ মুখ্যমন্ত্ৰী হিমন্তই -এইটোহ এতিয়া সৰৱ চৰ্চাৰ বিষয় হৈ পৰিছে অসমত !

Leave A Reply

Your email address will not be published.