সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’লা ছাৰ্টৰ ত্ৰাসত বিজেপি

তৃৃণমূল কংগ্ৰেছে বিৰোধী ঐক্যৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিছিল যদিও ৰাহুল গান্ধীৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবে নিজৰ স্থিতি শেহতীয়াকৈ সলনি কৰিছে ।ৰাহুল গান্ধীক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাৰ পাছত কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেৰ কাৰ্যালয়ত সোমবাৰে এক বৈঠকৰ আহ্বান কৰে।উক্ত বৈঠকত মুঠ ১৭ টা বিৰোধী দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।NC,DMK,SP,JDU,BRS,CPM,RJD,NCP,CPI,IUML,MDMK,KC,TMC,RSP,AAP,J&K NC আৰু শিৱসেনাই এই বৈঠকত অংশ লয়।মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে এই বৈঠকত অংশ লয় প্ৰসূন বেনাৰ্জী আৰু জৱাহৰ ছিৰকাৰে।এই বৈঠকত এই বিষয়ত বিৰোধী ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰে বিৰোধী নেতৃত্বই।
বৈঠকত কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় ‘ গণতন্ত্ৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত’ আমি সকলো দলকে একেলগে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ।খাৰ্গেই কয় ‘ যি সকলে এই বিষয়টোত আমাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে তেওঁলোক সকলোকে আমি ধন্যবাদ জনাইছোঁ।মই কালিও তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আজি পুনৰবাৰ ধন্যবাদ জনাইছোঁ।আমি গণতন্ত্ৰক সুৰক্ষিত কৰিবলৈ অহা প্ৰতিগৰাকী লোককে আদৰণি জনাইছোঁ।’কংগ্ৰেছৰ সাংসদ সকলে ক’লা ছাৰ্ট পিন্ধি ৰাজধানী চহৰত সোমবাৰৰ প্ৰতিবাদত অংশ লৈছে।ভাৰত ৰাষ্ট্ৰ সমিতিৰ কে চন্দ্ৰশেখৰ ৰাও কংগ্ৰেছ বিৰোধী বুলিয়ে খ্যাত যদিও তেওঁৰ দলেও ক’লা শ্বাৰ্ট পৰিধান কৰি কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে।উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনায়ো এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে৷অৱশ্যে ৰাহুল গান্ধীয়ে ‘মই ছাভাৰকাৰ নহয়’ বুলি কৰা মন্তব্যই বিৰোধী ঐক্যত বিভাজন ঘটাব পাৰে বুলিও উল্লেখ কৰে শিৱসেনাৰ উদ্ধৱ থাকৰেই।ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ পাছত কংগ্ৰেছৰ পৰা দূৰত্ব বৰ্তাই ৰখা মমতা বেনাৰ্জীয়েও কেন্দ্ৰৰ এই হঠকাৰী সিন্ধান্তৰ বিৰোধিতা কৰে৷পশ্চিমবংগত কংগ্ৰেছে বাওঁ দলৰ লগত ঐক্যবদ্ধ ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবেই কংগ্ৰেছৰ লগত নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিছিল তৃণমূলে।ৰাহুল গান্ধীক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাৰ পিছত মমতা বেনাৰ্জীয়ে কয় ‘ প্ৰধানমন্ত্ৰী মোডীৰ নতুন ভাৰতত বিৰোধী দলৰ নেতাসকল বিজেপিৰ প্ৰধান লক্ষ্য হৈ পৰিছে৷অপৰাধী বিজেপি নেতাৰে সংসদ ভৰি আছে৷বিৰোধী নেতাসকলক তেওঁলোকৰ মন্তব্যৰ বাবে অযোগ্য ঘোষণা কৰা হয়৷আজি আমি পুনৰ তেনে উদাহৰণ দেখিলোঁ।’আনহাতে,সেই একেগৰাকী মমতা বেনাৰ্জীয়েই কেইদিনমান আগতে কংগ্ৰেছ আৰু বাওঁ দলৰ মিত্ৰতাক ‘ অসৎ মিত্ৰতা’ আখ্যা দিছিল।কংগ্ৰেছ দলে গান্ধীৰ সাংসদ পদ খাৰিজক এক ষড়যন্ত্ৰ আখ্যা দিছে৷আদানি-হিণ্ডেনবাৰ্গ ইছ্যু ডাইভাৰ্ট কৰাৰ বাবে এই কাম কৰিছে কেন্দ্ৰীয় চৰকাৰে।ইতিমধ্যে ১৪ টা বিৰোধী দলে ঐক্যবদ্ধ হৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহ উদ্দেশ্যপ্ৰণোদিতভাৱে ব্যৱহাৰ কৰাৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।বিৰোধীৰ এই শুনানি অহা ৫ এপ্ৰিলত গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে।

Leave A Reply

Your email address will not be published.