সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কথাই প্ৰতি ওফাইদাং ইপিনে অসমৰ অৱস্থা ধোবাংবাং !

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ছত্তীশগড়ত কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছত্তীশগড়ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে ৰাজ্যখনত মুখ্যমন্ত্ৰীগৰাকীয়ে মা গংগাৰ ঠাইত সুৰাৰ গংগা বোৱাইছে। তদুপৰি ছত্তীশগড়ৰ পৰা নক্সাল উগ্ৰপন্থীক নিঃশেষ কৰিব বুলিও হুংকাৰ দিয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতিশ্ৰুতি শুনি ছত্তীশগড়ৰ জনতা কিমান পতিয়ন গৈছে তাৰ খতিয়ান নাই যদিও এটা কথা নিশ্চিত অসমৰ সচেতন ৰাইজে এই ভাষণত হাঁহিৰ খোৰাক বিচাৰি পাইছে।কিয়নো অসমৰ প্ৰতিটো চুবুৰীত সুৰাৰ দোকান খোলাৰ অনুমতি দিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে আন ৰাজ্যত সুৰাৰ প্ৰচলনৰ বিষয়টোক লৈ সমালোচনা কৰাৰ কোনো অধিকাৰেই নাই।অসমত চৰকাৰী বিদ্যালয় বন্ধ কৰি সুৰাৰ দোকান খোলাৰ সিদ্ধান্ত লোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকৈ আন ৰাজ্যত সুৰাৰ বিৰুদ্ধে ওকালতি কৰিছেগৈ ,সেইতো সঁচাকৈয়ে বিচাৰ্যৰ বিষয়।তদুপৰি ছত্তীশগড়ত মাওবাদী নিঃশেষ কৰাৰ হুংকাৰ দিয়া মুখ্যমন্ত্ৰীয়ে হয়তো অসমৰ আলফাৰ সমস্যাৰ কথা ভাষণৰ সময়ত পাহৰিলেই।  যুগ যুগ ধৰি নক্সালবাদীৰ সমস্যা সমাধান কৰাত সদায় আউল লগা আৰু কেন্দ্ৰীয় চৰকাৰৰ মূৰৰ কামোৰণি এই নক্সালবাদীৰ সমস্যাটোক বিজেপি চৰকাৰ ক্ষমতালৈ আহিলেই নিঃশেষ কৰাৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী হিমন্তৰ অৱস্থা নিজৰ ৰাজ্যতে তথৈবচ। ক্ষমতাত অধিষ্ঠিত হৈয়ে আলফা সমস্যা সমাধান কৰিব বুলি বৰ বৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্তই।কিন্তু আলফা সমস্যা সমাধান হোৱাটো দূৰৈৰে কথা,প্ৰতিদিনেই নতুন নতুন যুবকে আলফাত যোগদানহে কৰিছে।আনহাতে,চোৰাংচোৱাৰ বিশেষ সূত্ৰই জনোৱা অনুসৰি নিৰ্বাচনৰ আগত আনফাই উজনি অসমৰ বিভিন্ন স্থানত কূটাঘাত সংঘটিত কৰিব পাৰে।ইপিনে গুৱাহাটী মহানগৰীতে পুনৰ আৰু ২৬ খন মদৰ দোকান খোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে। ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বতে বিগত দুৰ্গা পূজাত গুৱাহাটীত মুঠ ২২ কোটি ৫০ লাখ টকাৰ সুৰা বিক্ৰী হৈছে৷এয়া এক অভিলেখ । সেই সুৰাৰ ৰাজহেৰে ৰাজ্যত হিতাধিকাৰী সৃষ্টি কৰা বুলি দাবী কৰিছে বিৰোধী দলসমূহে। গলিয়ে গলিয়ে সুৰাৰ দোকান খোলাৰ ফলত গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে দৈনিক চুৰি,ডকাইতি,হত্যা,মৃতদেহ উদ্ধাৰৰ দৰে ঘটনা । বিগত সপ্তাহটোত গুৱাহাটীত প্ৰায় ২০ টাৰো অধিক মৃতদেহ উদ্ধাৰ হৈছে ।গৃহ বিভাগৰো দায়িত্বতো থকা মুখ্যমন্ত্ৰী গৰাকীয়ে সমগ্ৰ ৰাজ্যৰ পৰিস্থিতি চম্ভলাটো দূৰৰ কথা,নিজে থকা মহানগৰ খনৰ পৰিস্থিতি নিয়ন্ত্ৰণতে চূড়ান্তভাবে ব্যৰ্থ হৈছে ।
আনহাতে,ছত্তীশগড়ৰ সমান্তৰালভাৱে মঙলবাৰে মিজোৰামতো বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু মিজোৰামৰ নিৰ্বাচনক সম্পূৰ্ণভাৱে অৱজ্ঞা কৰিছে বিজেপি দল তথা মুখ্যমন্ত্ৰী হিমন্তই । ২০১৬ চনতে নেডা গঠন কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বিজেপি মুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্তই। কিন্তু মণিপুৰৰ পৰিস্থিতি নিৰ্মূলত চূড়ান্ত ব্যৰ্থ হোৱা ডাবল ইঞ্জিনৰ চৰকাৰে প্ৰতিবেশী ৰাজ্য মিজোৰামত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সাহসেই গোটাব নোৱাৰিলে।ৰাজ্যখনৰ তাৰকা প্ৰচাৰকৰ তালিকাত নাম থকাৰ পাছতো মিজোৰামলৈ যোৱাৰ সাহস নোহোৱা মুখ্যমন্ত্ৰী হিমন্তই ছত্তীশগড়ত মাওবাদী নিঃশেষ কৰাৰ হুমকি দিয়াটো প্ৰকৃততে হাস্যকৰ।

Leave A Reply

Your email address will not be published.