সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এইবাৰ সিন্দেক লাগে শিৱসেনাৰ সম্পত্তি

নাম-প্ৰতীকৰ পিছত এইবাৰ সিন্দে পন্থীৰ লক্ষ্য ১৯১ কোটিৰ সম্পত্তি৷কাৰ ওচৰত থাকিব শিৱসেনাৰ ৩৬২ টা কাৰ্যালয়?উদ্ধৱ ফৈদৰ সাংসদ-বিধায়কৰ ওপৰতো চকু একনাথ সিন্দেৰ।নিৰ্বাচন আয়োগে শিৱসেনাৰ নাম, চিহ্ন একনাথ সিন্দে ফৈদক গটোৱাৰ পিছত এইবাৰ একনাথ সিন্দে ফৈদৰ লক্ষ্য হৈ পৰিছে শিৱসেনাৰ ওচৰত থকা ১৯১ কোটিৰ সম্পত্তি।শিৱসেনাৰ ৩৬২ টা কাৰ্য্যালয় কাৰ লগত থাকিব তাক লৈও হৈছে চৰ্চা। আনহাতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে উদ্ধৱ থাকৰে ফৈদৰ সাংসদ-বিধায়কৰ ওপৰতো চকু দিয়া বুলি অভিযোগ উঠিছে।উল্লেখযোগ্য যে বৰ্তমান শিৱসেনাৰ ওচৰত আছে ১৯১.৮২ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি।তাৰ ভিতৰত দাদৰত থকা শিৱসেনাৰ ভৱনটোও আছে যিটো বৰ্তমান উদ্ধৱ ফৈদৰ দখলত আছে।ইয়াৰ লগতে শিৱসেনাৰ ওচৰত আছে ৩৬২ টা কাৰ্যালয়।গতিকে একনাথ সিন্দে ফৈদে ইয়াৰে কিমানখিনিত নিজৰ দখল সাব্যস্ত কৰিব পাৰে তাকে লৈ অব্যাহত আছে চৰ্চা।যদিও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে পুৰণি শিৱসেনাৰ পৰা কেৱল বালাচাহেবৰ আদৰ্শহে বিচাৰে বুলি কৈছে, কিন্তু বৰ্তমানৰ সংবিধান অনুসৰি দলৰ দায়িত্ব গ্ৰহণ কৰি একনাথ সিন্দে দলৰ কোষাধ্যক্ষ নিযুক্তি দিয়াৰ লগতেই দলীয় পুঁজি আৰু সম্পত্তিৰ অধিকাৰ স্বয়ংক্ৰিয়ভাৱে সিন্দে ফৈদৰ ওচৰলৈ যাব।তেনেস্থলত প্ৰশ্ন উঠিছে আগন্তুক সময়ত মুম্বাইকে ধৰি মহাৰাষ্ট্ৰৰ বহুকেইখন চহৰত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত দলীয় পুঁজি ব্যৱহাৰ কৰিব কোনটো ফৈদে?আনহাতে, ৰাজনৈতিক বিশ্লেষকৰ মতে উদ্ধৱ ফৈদৰ সাংসদ-বিধায়কসকলৰ ওপৰতো এতিয়া সিন্দে ফৈদে লক্ষ্য হিচাপে লৈছে৷ ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিৱেশনৰ পূৰ্বে দলৰ সকলো বিধায়ক আৰু সাংসদক হয়তো হুইপ জাৰি কৰা হ’ব পাৰে। উল্লেখযোগ্য যে উদ্ধৱ থাকৰেৰ লগত বৰ্তমান মাত্ৰ ১০ জন বিধায়ক আৰু ২-৩ জন সাংসদহে বাকী আছে, যদি হুইপ জাৰি কৰে তেন্তে তেওঁলোকেও হয়তো দল এৰিব লাগিব বা সিন্দে ফৈদত যোগদান কৰিব লাগিব।উল্লেখযোগ্য যে সিন্দে ফৈদে থানেত দলটোৰ কেন্দ্ৰীয় কাৰ্যালয় স্থাপন কৰিছে। দলৰ মুখ্য কাৰ্যালয় অৰ্থাৎ শিৱসেনা ভৱন অধিগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে একনাথ সিন্দে। থানেৰ আনন্দ আশ্ৰমক দলীয় কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে একনাথ সিন্দে ফৈদে।
এই সন্দৰ্ভত শিৱসেনাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত সিন্দেই কয় যে দলটোৱে বালাচাহেব থাকৰেৰ মতাদৰ্শৰ সৈতে আগবাঢ়ি যাব কিন্তু শিৱসেনা ভৱনকে ধৰি কোনো সম্পত্তি বা ধনৰ ওপৰত দাবী উত্থাপন নকৰে।আনহাতে, এই সন্দৰ্ভত উদ্ধৱ থাকৰে ফৈদৰ অধিবক্তা কপিল ছিবালে উচ্চতম ন্যায়ালয়ত সদৰী কৰা মতে শিৱসেনা ভৱন অধিগ্ৰহণ কৰাৰ চেষ্টা চলাই আছে সিন্দে ফৈদে।শিৱসেনা ভৱন কোনে পাব, নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ পিছত শিৱসেনা ভৱনত সিন্দে গোটে নিয়ন্ত্ৰণ লাভ কৰিবনে, শিৱসেনাৰ বাকী থকা কাৰ্যালয় আৰু সম্পত্তি কেনেকৈ ভাগ হ’ব, কোনে কি পাব, এই প্ৰশ্নবোৰ কেৱল সিদ্ধান্ত ল’ব লাগিব উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছত।কিন্তু তাৰ আগতেই শিৱসেনাৰ সম্পত্তিৰ বাবেই দুয়োটা ফৈদৰ মাজত আকৌ সংঘাত হৈছে সেয়া নিশ্চিত।

Leave A Reply

Your email address will not be published.