সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘ঋষি পত্নী’ক লৈ অসন্তুষ্ট ব্ৰিটেইন

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনকক লৈ বিতৰ্কৰ অন্ত নাই।শেহতীয়াকৈ দেশখনৰ আয়কৰ নীতিক লৈ অসন্তুষ্ট হৈ পৰিছে ব্ৰিটেইনৰ জনতা৷তাৰ মাজতে আকৌ তেওঁৰ পত্নীক লৈ শেহতীয়াকৈ সাঙোৰ খাইছে তেওঁ আন এক বিতৰ্কত৷তেওঁৰ পত্নী অক্ষতা মূৰ্তি অলপতে অৱসৰ কটাবলৈ গোৱালৈ আহিছিল৷তাক লৈ বৃটেইনৰ সংবাদমাধ্যমত চলিছিল ব্যাপক চৰ্চা৷ইফালে ব্ৰিটেইনৰ জনতা বৰ্তমান সময়চোৱাত মূল্যবৃদ্ধিত জৰ্জৰিত।শীতত ককবকোৱা জনতাক এৰি প্ৰধানমন্ত্ৰী পত্নীয়ে অৱসৰ বিনোদন কৰাৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাত ক্ষুণ্ন হৈছে সমগ্ৰ ব্ৰিটেইনবাসী।উল্লেখযোগ্য যে ব্ৰিটেইনত বৰ্তমান বিদ্যালয়বোৰ বন্ধ৷সেয়ে ইনফোছিচৰ প্ৰতিষ্ঠাতা নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতা মূৰ্তিয়ে নিজ কন্যা দুগৰাকী ক্ৰমে কৃষ্ণা আৰু অনুস্কাক লৈ ভাৰতলৈ আহিছে৷ভ্ৰমণৰ সময়চোৱাৰ জলক্ৰীড়াৰ ভিডিঅ’ ভাইৰেল হৈছে যাক লৈ ক্ষুব্ধ হৈ পৰে বৃটিছ জনতা। মঙলবাৰে ব্ৰিটেইনৰ এখন আগশাৰীৰ সংবাদপত্ৰত প্ৰকাশ পাইছে ঋষি চুনকৰ পত্নীৰ ভাৰত ভ্ৰমণৰ বাতৰি৷বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি চুনকৰ নিৰ্বাচনী কেন্দ্ৰ য়ৰ্কশ্বায়াৰৰ তাপমাত্ৰা এতিয়া ২ ডিগ্ৰী ছেলচিয়াছতকৈয়ো কম৷কিন্তু বিদ্যুতৰ বিল অত্যধিক হোৱাৰ বাবে ঘৰত হিটাৰ জ্বলাব পৰা নাই ব্ৰিটেইনৰ জনতাই৷তাৰ বিপৰীতে এই সময়চোৱাত প্ৰধানমন্ত্ৰীৰ পত্নীয়ে ব্ৰিটেইনৰ মূল্যত ৭ হাজাৰ পাউণ্ড আৰু ভাৰতীয় মূল্যত প্ৰায় ৭ লাখ টকা ব্যয় কৰি গোৱাৰ সমুদ্ৰ তীৰত পৰিয়ালৰ লগত অৱসৰ বিনোদন উপভোগ কৰিছে।ব্ৰিটেইনৰ গৰিষ্ঠসংখ্যক ৰাজনীতিকে আকৌ চুনক পত্নীৰ সমৰ্থনত কয় ক্যাৰিবিয়ান দ্বীপপুঞ্জ,ফ্ৰান্স অথবা স্পেইন ভ্ৰমণৰ তুলনাত এই মূল্য যথেষ্ট কম৷চুনক পত্নীৰ অৱসৰ বিনোদনৰ সময়ত ব্ৰিটেইনৰ ৬০ লাখ লোক অতিৰিক্ত মাচুল বৃদ্ধিৰ বাবে হিটাৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছে আৰু ৪০ লাখ লোক দৰিদ্ৰ সীমাৰ তলত বসবাস কৰি আছে।চুনক চৰকাৰৰ বিৰুদ্ধে ব্ৰিটেইনৰ চৰকাৰী কৰ্মচাৰীও অসন্তুষ্ট৷ব্ৰিটেইনৰ বহুসংখ্যক চৰকাৰী কৰ্মচাৰীয়ে বিগত সময়চোৱাত কেইবাটাও ধৰ্মঘট কাৰ্যসূচী হাতত লৈছিল৷ৰে’ল,সীমান্তৰক্ষী বাহিনী,ডাকঘৰ,পেৰা মেডিকেলৰ কৰ্মচাৰীয়ে ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ ফলত চৰকাৰী কাম কাজবোৰ স্থবিৰ হৈ পৰিছিল।সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল চুনক চৰকাৰৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ বিপৰীতে দেশখনত বৃদ্ধি পাইছে বিৰোধী লেবাৰ পাৰ্টিৰ জনপ্ৰিয়তা৷লেবাৰ পাৰ্টিৰ সাংসদ জাষ্টিন মাডাৰ্ছে কয় ‘ প্ৰধানমন্ত্ৰীৰ পত্নীৰ সমুদ্ৰ তীৰত অবসৰ বিনোদন আৰু ব্ৰিটেইনৰ সাধাৰণ জনতাৰ দুৰ্ভোগৰ প্ৰতিচ্ছবি স্পষ্ট।’

Leave A Reply

Your email address will not be published.