সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উৰহৰ খং ভগা ঢাৰিত জাৰিছে ৰাহুলে

কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী স্মৃতি ইৰাণীৰ খং উঠিছে।খং তেওঁৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত৷কিয় জানেনে?কাৰণ ইৰাণীৰ মতে ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি থকা ঘৃণা বৰ্তমান দেশৰ প্ৰতি এক ভেঙুচালি তথা অপমানৰ ৰূপ লৈছে।এক সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্ষোভেৰে কয় ‘ ৰাজনৈতিক জীৱনত হতাশাত ভোগা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীক অত্যন্ত ঘৃণা কৰে৷সেই ঘৃণাৰ বাবেই তেওঁ এতিয়া দেশক হেয় কৰিবলৈ ভেঙুচালি কৰা আৰম্ভ কৰিছে।তেওঁ মোডীক ঘৃণা কৰাৰ বাবেই ,সমগ্ৰ অবিচি সম্প্ৰদায়ক ঠাট্টা কৰিছে।’ইৰাণীয়ে পুনৰ কয় ‘ তেওঁ প্ৰধানমন্ত্ৰী মোডীক সংসদত দোষী সাব্যস্ত কৰিছে,গালি পাৰিছে।ৰাহুল গান্ধীক ন্যায়ালয়ে কেৱল এজন ব্যক্তিক অপমান কৰা বাবে দোষী সাব্যস্ত কৰা নাই,বৰঞ্চ এটা সম্প্ৰদায়ক অপমান কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে।গান্ধী পৰিয়ালে দলিত বা অন্যান্য পিছপৰা লোকক উপহাস কৰাৰ ঘটনা এয়ে প্ৰথম নহয় ,ইয়াৰ আগতেও তেওঁলোকে এনেদৰে অপমান কৰিছে এই লোকসকলক।যেতিয়া এগৰাকী আদিবাসী লোক দ্ৰৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হৈছিল, তেওঁক কংগ্ৰেছ দলে ঠাট্টা মস্কৰা কৰিছিল আৰু গান্ধী পৰিয়ালৰ নিৰ্দেশতেই এনে কাৰ্য সংঘটিত হৈছিল।’

Leave A Reply

Your email address will not be published.