সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উশাহ লওঁতে সাৱধান !

বাহিৰলৈ ওলাওতে সাৱধান! মাস্ক অবিহনে নোলাব বাহিৰলৈ!কাৰণ অতি বিষাক্ত হৈ পৰিছে ৰাজ্যৰ বায়ুমণ্ডল!বিষাক্ত বায়ুৱে উশাহ-নিশাহত আনিব পাৰে সমস্যা! বিষাক্ত বায়ু হৈ পৰিব পাৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ কাৰক!সুস্থ ব্যক্তিকো আক্ৰমণ কৰিব এই বায়ুৱে৷ অসুস্থ ব্যক্তিক শোচনীয় কৰি তুলিব পাৰে এই বিষাক্ত বায়ুৱে৷গুৱাহাটীৰ বায়ু এতিয়া ‘Very Poor’ৰেড লাইন অতিক্ৰম কৰিছে ৰাজ্যৰ বায়ুমণ্ডলে। বিষাক্ত ধূলিকণাই বিচৰণ কৰিছে বতাহত৷ ধূলিময় বতাহ হব পাৰে গুৰুতৰ ৰোগৰ কাৰণ৷ মাস্ক অবিহনে নোলাব বাহিৰলৈ
নেচনেল এয়াৰ কোৱালিটি ইন্দেক্সত গুৱাহটীৰ এয়াৰ কোৱালিটি ইন্দেক্সে অতিক্ৰম কৰিছে ভেৰী প’ৰ পর্যায়৷ দুপৰীয়া ১ বজাত গুৱাহাটীৰ ৰে’লৱে কলনিত এয়াৰ কোৱালিটি ইন্দেক্স ৩৫৬, পাণবজাৰত এয়াৰ কোৱালিটি ইন্দেক্স ৩৫৫, গুৱাহাটী বিমান বন্দৰত এয়াৰ কোৱালিটি ইন্দেক্স ৩৪৮ কেৱল গুৱাহটীতেই নহয়,নলবাৰীত এয়াৰ কোৱালিটি ইন্দেক্স ৩৪১, বর্নিহাটত সর্বাধিক ৪০১, নগাঁওত এয়াৰ কোৱালিটি ইন্দেক্স ৩৭২ উল্লেখ্য যে এয়াৰ কোৱালিটি ইন্দেক্স ৩০১ ৰ পৰা ৪০০ লৈ গণ্য কৰা হয় ‘Very Poor’ এই বায়ুমণ্ডলৰ বাবে হ’ব পাৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগ।উল্লেখ্য যে এয়াৰ কোৱালিটি ইন্দেক্স ৫০ লৈকে গুড, ৫১ ৰ পৰা ১০০ লৈকে চেটিস্ফেক্টৰী,১০১ ৰ পৰা ২০০ লৈকে মডাৰেট,২০১ ৰ পৰা ৩০০ লৈকে প’ৰ,৩০১ ৰ পৰা ৪০০ লৈকে ভেৰী প’ৰ আৰু ৪০১ ৰ পৰা ৫০০ লৈকে গণ্য কৰা হয় চিভাৰ পৰিস্থিতি হিচাপে৷ কিন্তু গুৱাহাটী , নলবাৰী,নগাঁৱত এয়াৰ কোৱালিটি ইন্দেক্সে ভেৰি প’ৰ পর্যায় অতিক্ৰম কৰাৰ বিপৰীতে বর্নিহাটত এয়াৰ কোৱালিটি ইন্দেক্সে চিভাৰ তথা সংকটজনক পর্যায়ত ভৰি দিছে। এই পর্যায়ৰ বায়ু সুস্থবান ব্যক্তি এজনকো আক্ৰান্ত কৰিব পাৰে আৰু আগৰে পৰা ৰোগত আক্ৰান্ত ব্যক্তিক অধিক অসুস্থ কৰি তুলিব পাৰে।গতিকে সাৱধান৷ বিষাক্ত বায়ুৰ লগত খেলা নকৰিব। বিষাক্ত বায়ুৰ পৰা আতৰি থাকক,বাহিৰলৈ ওলালে ব্যৱহাৰ কৰক মাস্ক।

Leave A Reply

Your email address will not be published.