সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উমা ভাৰতীয়ে ত্যাগ কৰিব বিজেপি !

মধ্য প্ৰদেশত অহা নবেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।নিৰ্বাচনক লৈ ব্যস্ত শাসক -বিৰোধী দুয়োটা পক্ষই।মধ্য প্ৰদেশত বিগত ২০ বছৰ ধৰি চলি আছে বিজেপি দলৰ চৰকাৰ।মধ্য প্ৰদেশত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ লগতে দুৰ্নীতি আৰু দলীয় বিসম্বাদে কোঙা কৰি পেলাইছে বিজেপিক।ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই এৰিছে দল।২০১৮ চনত ৰাজ্যখনত কমল নাথৰ নেতৃত্বত গঠন হৈছিল কংগ্ৰেছ চৰকাৰ।কিন্তু সেই সময়ৰ কংগ্ৰেছী জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত মুঠ ২০ গৰাকী বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ ফলত কংগ্ৰেছ চৰকাৰখন ভংগ হয়।ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হয়।নবিজেপি জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰতিটো বিষয়ত অবাধ হস্তক্ষেপে অসন্তুষ্ট কৰিছে পুৰণি বিজেপিক।মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী নিজৰ দল বিজেপিৰ কৰ্মকাণ্ডক লৈ তীব্ৰ অসন্তুষ্ট।দলৰ সভাপতি জে পি নাড্ডাই অংশ লোৱা দলৰ ৰাজ্যিক নেতৃত্বই আহ্বান কৰা জনআশীৰ্বাদ যাত্ৰাত অনিমন্ত্ৰিত হৈয়ে থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী।তেওঁক এই যাত্ৰালৈ নিমন্ত্ৰণ নকৰা সম্পৰ্কত মন্তব্য দি উমা ভাৰতীয়ে কয় ‘ তেওঁলোক হয়তো মোক লৈ নাৰ্ভাছ হৈছে।তেওঁলোকে হয়তো ভাবিছে মই যদি উপস্থিত থাকো জনতাৰ দৃষ্টি মোৰ ফালে নিবদ্ধ হ’ব।’২০০৩ চনত তেওঁৰ নেতৃত্বতেই কংগ্ৰেছক আঁতৰাই মধ্যপ্ৰদেশত বিজেপি ক্ষমতালৈ আহিছিল বুলি দাবী কৰি উমা ভাৰতীয়ে কয় ‘ জ্যোতিৰাদিত্য সিন্ধিয়াই যদি বিজেপিক ২০২০ চনত চৰকাৰ গঠনত সহায় কৰিছিল তেন্তে ময়ো তেওঁলোকক ২০০৩ চনত কংগ্ৰেছক পৰাভূত কৰি চৰকাৰ গঠন কৰাত সহায় কৰিছিলোঁ।’৬৪ বছৰীয়া বিজেপি নেত্ৰীগৰাকীয়ে পুনৰ কয় ‘ মই সিন্ধিয়াক ভতিজা হিচাপে ভাল পাওঁ।কিন্তু তেওঁলোকে মোক যাত্ৰালৈ নিমন্ত্ৰণ জনোৱাটো উচিত আছিল।অবশ্যে তেওঁলোকে মতা হ’লেও মই নগ’লোহেঁতেন !চাওঁচোন কি কৰিব পাৰি।’দল এৰা নেৰা বিষয়টোত তেওঁ স্থিতি স্পষ্ট নকৰিলেও তেওঁৰ যে দলৰ প্ৰতি অনীহাৰ ভাব আহিছে সেয়া স্পষ্ট কৰে তেওঁৰ কাম কাজৰ জৰিয়তে।কংগ্ৰেছ সাংসদ ৰণদ্বীপ সূৰ্যৱালাই কয় ‘ মোডী আৰু শিৱৰাজ সিং চৌহান চৰকাৰে জ্যেষ্ঠসকলক সদায় একাষৰীয়া কৰি আহিছে।প্ৰধানমন্ত্ৰীয়ে নিজেই নিজৰ নেতা লালকৃষ্ণ আদৱানিক একাষৰীয়া কৰিছে।মুৰলী মনোহৰ যোশীৰ নাম গোন্ধেই নোহোৱা কৰিলে।যিসকলে ডাঙৰক সন্মান নকৰে তেওঁলোকক ভগবানেও ক্ষমা নকৰে।’২০০৩ চনত বিজেপিক তিনি চতুৰ্থাংশ সংখ্যাগৰিষ্ঠতা দি চৰকাৰ গঠন কৰাত সফল হৈছিল মায়াৱতী।অৱশ্যে ২০০৫ চনত মায়াৱতীক দলৰ পৰা বহিস্কাৰ কৰা হৈছিল আৰু ২০১১চনত তেওঁৰ ওপৰত থকা দলীয় নিষেধাজ্ঞা আঁতৰ কৰা হয়।২০১৩ চনত তেওঁ অকলেই প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীক ঘোষণা কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছিল।আনহাতে,লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা সাতবাৰৰ সাংসদ সুমিত্ৰা মহাজনেও নিজৰ দলৰ নেতৃত্বৰ প্ৰতি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে ।মধ্য প্ৰদেশত ইজনৰ পিছত সিজন বিজেপি নেতাই দল ত্যাগ কৰা বিষয়টো উল্লেখ কৰি তেওঁ কয় ‘দল ত্যাগী নেতাসকলক তেওঁ ৰখাব নোৱাৰে।সেই পুৰণি নেতাসকল যে অৱহেলিত হৈছে সেই কথা দলৰ নেতৃত্বই বুজা উচিত।’আনহাতে,বিজেপি নেতা কৈলাস বিজয়ভাৰ্গীয়ই তেওঁৰ পুত্ৰ আকাশ বিজয়ভাৰ্গীয়ক ইন্দোৰৰ বিধায়ক বনালে।আনহাতে ইন্দোৰৰ মেয়ৰ মালিনী গৌড়ে তেওঁৰ পুত্ৰ একলব্য গৌড়ৰ বাবে এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিব।তেন্তে সুমিত্ৰা মহাজনে টিকট নিবিচাৰিব কিয়?সুমিত্ৰা মহাজনৰ পুত্ৰ মন্দৰ মহাজনৰ বাবেও তেওঁ প্ৰাৰ্থিত্ব বিচাৰিব কিন্তু তেওঁৰ পুত্ৰ বিজেপিৰ নেতৃত্বৰ দৃষ্টিতেই অহা নাই যিটোক লৈ ক্ষোভিত সুমিত্ৰা মহাজন।এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বিষয়টোতো অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন সাতবাৰৰ সাংসদ সুমিত্ৰা মহাজনে।তেওঁ কয় যদি প্ৰধানমন্ত্ৰী মোডীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ কথা ভাবিছে তেন্তে তেওঁ হয়তো বেয়া কথা ভবা নাই কিন্তু তেওঁ নিজাববীয়াকৈ এই সিন্ধান্ত লোৱাৰ সলনি আন নেতাসকলৰ লগত আলোচনা কৰাটো উচিত আছিল।

Leave A Reply

Your email address will not be published.