সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউ পি এছ চিৰ ৫৯ সংখ্যক স্থানত অসমৰ আৰণ্যক শইকীয়া ,নিবেদিতা-তপন -কিশোৰো উত্তীৰ্ণ

কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৯ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে ৷ ঘোষিত ফলাফল অনুসৰি এইবাৰ বিভিন্ন কেডাৰত মুঠ ৮২৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত অসমৰ আৰণ্যক শইকীয়াই ৫৯ নং স্থান লাভ কৰিছে ৷ তেওঁ ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমানৰ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ পুত্ৰ ৷

পুলিচ একাডেমিত প্ৰশিক্ষণৰত আৰণ্যক
যোৱাবাৰো আৰণ্যক শইকীয়াই ইউ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাত আৰক্ষী সেৱাৰ বাবে নিৰ্বাচিত হৈছিল ৷ সম্প্ৰতি তেওঁ ৰাষ্ট্ৰীয় পুলিচ একাডেমিত কৰ্ণাটক কেডাৰৰ আই পি এছ বিষয়া হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ একেসময়তে পুণৰবাৰ লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ তেওঁ ৫৯ সংখ্যক স্থান লাভ কৰে ৷ আৰণ্যক শইকীয়াই এতিয়ালৈকে তিনিবাৰ ইউ পিএছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু আটাইকেইবাৰতে উত্তীৰ্ণও হৈছে৷ ইফালে , আজি ঘোষিত ফলাফলত অসমৰে নিবেদিতা দত্তই ৬৯৭ সংখ্যক, তপন ডেকাই ৭৬৬ সংখ্যক আৰু কিশোৰ সূত্ৰধৰে ৭৮৪ সংখ্যক স্থান কৰিবলৈ সক্ষম হৈছে৷ তপন ডেকাই এন আই টি সুৰটৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক আৰু আই আই এম আহমেদাবাদৰ পৰা মেনেজমেন্টৰ উচ্চ শিক্ষা গ্ৰহণ কৰিছে ৷
যোৰহাটৰ নিবেদিতা দত্ত

Leave A Reply

Your email address will not be published.