সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আছু -৩১ সংগঠনে কিমান দাবী উত্থাপণ কৰিলে শিক্ষামন্ত্ৰীৰ ওচৰত ?

সদৌ অসম ছাত্ৰ সন্থাসহ ৩১ টা সংগঠনে সোমবাৰে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ আছু , এবছু , টি এম পি কে , ট্ৰইবেল সংঘকে ধৰি বহুসংখ্যক ছাত্ৰ সংগঠনে আলোচনাকালত ৰাজ্যৰ শিক্ষা বিভাগৰ সন্মুখত ১৮ টা বিষয়ত মুঠ ৬০ টা দাবী উত্থাপণ কৰে ৷

শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে কয় যে সোমবাৰৰ আলোচনা এক পদ্ধতিগত আলোচনা আছিল ৷ এই আলোচনা ভৱিষ্যতলৈও আগবাঢ়ি যাব ৷ ছাত্ৰ সংগঠনসমূহে মুঠ ৬০ টা দাবী উত্থাপণ কৰিছিল ৷ এই দাবীসমূহৰ প্ৰত্যুত্তৰ শিক্ষা বিভাগে যুগুতাই উলিয়াইছে ৷ উত্তৰসমূহ তেওলোকক প্ৰদান কৰা হ’ব ৷ তাৰ পাছত পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব ৷

 

 

- Donation -

Leave A Reply

Your email address will not be published.