যুক্তিবাদী শ্বহীদ জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত বৰ্ণাঢ্য কাৰ্যসূচীৰে বোকাখাতত ‘যুক্তি দিৱস’ উদযাপন

যুক্তি বিকাশ সমিতি, অসম, ইলোৰা বিজ্ঞান মঞ্চৰ বোকাখাত শাখা আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাত জাতীয় বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে যুক্তি দিৱস উদযাপন কৰা হয়। যুক্তি-বিকাশ সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক ড° বৰ্ণালী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় প্ৰয়াস অধ্যয়ন চক্ৰৰ প্ৰতিষ্ঠাপক সোনেশ্বৰ নৰহে। ইয়াৰ পিছতে বিজ্ঞান আৰু যুক্তিবাদলৈ ব্ৰুনোৰ অৱদান সোৱঁৰি আলোকপাত কৰে মুক্ত চিন্তা অনলাইন আলোচনীৰ মুখ্য সম্পাদক ড° কৌশিক দাসে।কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ আছিল ‘সাপ অন্ধবিশ্বাস আৰু আমাৰ সমাজ’ শীৰ্ষক বিষয়ত ডিমৌ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ সুৰজিত গিৰিৰ বক্তৃতা। ডাঃ গিৰিয়ে স্বভাৱসুলভ সাৱলীল ভাষাৰে সাপ আৰু সৰ্পদংশন, সমাজৰ কৰণীয় ইত্যাদি দিশ সামৰি বক্তৃতা প্ৰদান কৰে৷ বক্তাগৰাকীয়ে উপস্থিত শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু উদ্যোক্তা সদস্যসকলে পৰিৱেশন কৰা মুক্ত চিন্তাৰ গীত ‘মুক্ত নহয় চন্দ্ৰ সূৰ্য’ গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ দীক্ষিতা দীক্ষিত আৰু প্ৰাচুৰ্য্য ফুকনে নিজে প্ৰস্তুত কৰা সাপ প্ৰতিৰোধী এটি আকৰ্ষণীয় প্ৰকল্প প্ৰদৰ্শন কৰে। তেওঁলোকে সাপ খেদিবলৈ নহৰু পানী চটিওৱা যন্ত্ৰ এটি সাজি উলিয়ায়। ড° গিৰিয়ে প্ৰকল্পটোৰ ভূয়সী প্ৰশংসা কৰে।লগতে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ দলে স্থানীয় অঞ্চলৰ ডাইনী কাণ্ডৰ সন্দৰ্ভত এক ক্ষেত্ৰভিত্তিক প্ৰতিবেদন প্ৰকাশ কৰে। পিছৰ বৈঠকত ‘সমাজৰ পৰা অন্ধবিশ্বাস নিৰ্মূলকৰণৰ বাধাসমূহ, তাৰ প্ৰতিকাৰৰ উপায়’ শীৰ্ষক বিষয়ত মুকলি আন্তৰিক আলাপ অনুষ্ঠিত হয়। আলোচনাত দীপক বৰা, দেবিকা শইকীয়া, নয়নমণি মেধি, ড° কুলেন দাস, ভূপেন শৰ্মা, ৰুমা অধিকাৰী, ডাঃ অঞ্জন শইকীয়া ,নিজৰা বৰঠাকুৰ, দিলীপ ফুকন, অমৰ কাকতি, ড° গায়ত্ৰী বৰা কাকতি আদি বহু ব্যক্তিয়ে ভাগ লয় ।অসমৰ বিভিন্ন ঠাইৰ শতাধিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত প্ৰয়াস অধ্যয়ন চক্ৰলৈ যুক্তি বিকাশ সমিতিয়ে প্ৰায় সাত হেজাৰ টকা মূল্যৰ মূল্যৱান পুথি আৰু আলোচনী প্ৰদান কৰে।অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে সোনেশ্বৰ নৰহ, কনকলতা দত্ত, ৰাজীৱ দত্ত, সুদৰ্শন বৰবড়া, প্ৰবীণ পেগু, ৰাজেন শৰ্মা আদি কেইবাগৰাকীয়েও মৰণোত্তৰ দেহদান কৰে।ইপ্সিতা দত্তৰ তত্বাৱধানত ‘কলম’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা এখনি উন্মোচন কৰে ‘নতুন পদাতিক’ আলোচনীৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি বৰগোহাঞিয়ে।‘বিজ্ঞানত মই দহ নম্বৰ পালোঁ’ কবিতাটো আবৃত্তি কৰে ইমন কল্যানে আৰু গীতিকাৰ-সুৰকাৰ গৌৰীশংকৰ বৰাই গীত পৰিৱেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *