কি সপোন আছিল অনিমেশৰ?ফেচবুকত লিখিছে মুনমুন কলিতাই-
“২ দিন আগলৈ এইয়া আছিল Animesh Bhuyanৰ সপোন। কিন্তু তাৰ সপোনক ভৰিৰে মোহাৰি,লথিয়াই,চৰিয়াই ভূ-লুণ্ঠিত কৰি পেলালে কেইটামান দুৰ্বৃত্তই। সপোন পূৰণ নকৰাকৈয়ে গুছি যাব লগীয়া হ’ল অনিমেষ। কেইটামান নৰপিশাচৰ আক্ৰমণত যোৰহাটৰ মাজমজিয়াত প্ৰাণ গ’ল এজন তেজোদিপ্ত যুৱকৰ। বহু আশা বহু সপোন বুকুতে সামৰি গ’লগৈ অনিমেষ। মূৰ কামুৰি আছে হাত ভৰি ছটফটাই আছে। যদি ল’ৰাটোক বচাব পাৰিলো হয়। আআআসসসসস
আজিৰ ঘটনাটোত দুখ লগাৰ উপৰিও কিন্তু আচৰিত হ’লো।যেতিয়া ল’ৰাটোক প্ৰহাৰ কৰি থকা হৈছিল তেতিয়া তাত কিন্তু কেইজনমান নীৰৱ দৰ্শকো আছিল। একচন চিনেমাৰ দৰে উপভোগ কৰি আছিল সকলো। সিহঁতক সুধিছো হেৰৌ সেইখিনি সময়ত তঁহতৰ কি তেজৰ ধমনীবোৰ বন্ধ হৈ গৈছিল নেকি? অকণমানো তেজ উথলি উঠা নাছিল নে? নে তঁহতৰ ঘৰৰ ল’ৰা নহয় কাৰণে সেইবোৰ চিন্তা মনলৈ অহা নাছিল। কি হ’ল হৈ বাৰু যদি তাত উপস্থিত গোটেইবোৰে দুৰ্বৃত্ত কেইটাক আগুৰি ধৰি ল’ৰাটোক বচোৱাৰ চেষ্টা কৰিলে হয়। খুব বেছিতে কিছু পৰিমাণে আঘাত পালে হয়। অন্তত ল’ৰাটোৰ প্ৰাণটো বাচিল হয়। মানুহ এজন মৰি যোৱাৰ পাছত আমাক ন্যায় লাগে দোষীয়ে শাস্তি পাবই লাগিব এইবোৰ টেঁটু ফালি কি লাভ। যদি সময় থাকোতেই একো কৰিব নোৱাৰে। ধেইৎ…….”
- Donation -