Reporting on
আজি শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে
বিলাসী ক্ৰুজ জাহাজত ড্ৰাগছ পাৰ্টীত মত্ত হৈ থকা অৱস্থাত আজি কিছুদিন পূৰ্বে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো চমুকৈ NCBৰ জালত পৰিছিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু গৌৰী খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খান। আজি আৰয়ান খানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে। আদালতৰ সিদ্ধান্তৰ বাবে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে শ্বাহৰুখৰ অনুৰাগী আৰু সচেতন মহল। যদিহে আদালতে আৰয়ান খানৰ জামিন আবেদন নাকচ কৰে তেন্তে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ জিম্মাতে থাকিব লাগিব আৰয়ান।
