আত্মজাহ দিব এজন বিধায়কে

বঙাইগাঁওৰ আই নৈৰ খহনীয়া দেখি চিন্তিত এজন বিধায়ক। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে দীৰ্ঘ দিন ধৰি চৰকাৰক খহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে আহ্বান জনাই আহিছে যদিও কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সুফল লাভ কৰা নাই সাধাৰণ লোকসকলে। যিহেতু খহনীয়াৰ ফলত মানচিত্ৰৰ পৰা নোহোৱা হৈ যোৱাৰ উপক্ৰম হৈ পৰিছে দুটা অঞ্চল। খহনীয়াৰ ফলত ৰাইজে আত্মজাহ দিলে বিধায়ক গৰাকীয়েও আত্মজাহ দিয়াৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো খহনীয়া প্ৰতিৰোধৰ বাবে আহ্বান জনাইছে বিধায়ক গৰাকীয়ে ।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে