এইবাৰ ৰাষ্ট্ৰসংঘৰ কৰ্মীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপণ হৈছে তালিবানৰ বিৰুদ্ধে ৷আনকি আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ কেবাটাও কাৰ্যালয়ত তালিবানে লুটপাত চলোৱাৰ বাতৰিও ৰয়টাৰ্ছে প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰসংঘৰ গোপন নথিত এনেধৰণৰ এক ডজন ঘটনাৰ কথা উল্লেখ কৰা হৈছে বুলি সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে ৷
দেওবাৰে ৰাষ্ট্ৰসংঘৰ এজন কৰ্মী কাবুল বিমানবন্দৰলৈ গৈছিল ৷পথত তালিবানে তেওৰ গাড়ীত তালাচী চলায় ৷ ব্যক্তিগৰাকীয়ে নিজৰ পৰিচয় পত্ৰ দেখুওৱাৰ পাছত তালিবানে মাৰপিট কৰে ৷সোমবাৰেও ৰাষ্ট্ৰসংঘৰ এজন কৰ্মীৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি তালিবানে তালাচী চলায় ৷
আফগানিস্তানত কৰ্মৰত ৩০০ বিদেশী কৰ্মীক ইতিমধ্যে কাজাখাস্তানলৈ লৈ যোৱা হৈছে ৷ আন কৰ্মীসকলৰ বাবেও আন দেশৰ সৈতে কথা পাতি ভিছাৰ ব্যৱস্থা কৰা হ’ব বুলি ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা জনোৱা হৈছে ৷