অযোধ্যাৰ পিছত এইবাৰ বুদ্ধক লৈ টনা-আজুৰা ভাৰত নেপালৰ

বিতৰ্কয়ে লগ নেৰা হৈছে ভাৰত-নেপালৰ সম্পৰ্ক। মানচিত্ৰ আৰু অযোধ্যা বিতৰ্কৰ অৱসান নহওঁতে পুনৰ বুদ্ধক লৈ টনা-আজুৰা চলিছে দেশ দুখনৰ মাজত।

জানিব পৰা মতে এই বিতৰ্কৰ সূত্ৰপাত হয় ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শঙ্কৰৰ এক মন্তব্যক কেন্দ্ৰ কৰি। কোনফিডেৰেছন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ এক অনুষ্ঠানত জয়শঙ্কৰে ভাৰতে বিশ্বক নৈতিক নেতৃত্ব দিয়াৰ সম্পৰ্কে মতামত দি কৈছিল যে মহাত্মা গান্ধী আৰু গৌতম বুদ্ধ হৈছে এনে দুজন শ্ৰেষ্ঠ ভাৰতীয় যাক সমগ্ৰ বিশ্বই মনত ৰাখে।

বুদ্ধক ভাৰতীয় বুলি কোৱাৰ পিছতে ক্ষুণ্ণ হৈ উঠে নেপাল।দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে জয়শঙ্কৰৰ এই মন্তব্যৰ বিৰোধিতা কৰি কয় যে বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুমবিনি(Lumbini) নামৰ এক ঠাইতহে। নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪ চনত নেপালক বুদ্ধৰ জন্মস্থান বুলি কোৱা মন্তব্যও দাঙি ধৰে।

ইয়াৰ লগে লগে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুদ্ধৰ জন্মস্থান নেপালৰ লুমবিনি(লুমবিনি) বুলি মানি লৈ কয় যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জনৰ মন্তব্যই প্ৰকৃততে দেশ দুখনৰ যি বৌদ্ধ ধর্মৰ ঐতিয্য আছে তাকহে বুজাবলৈ চেষ্টা কৰিছিল।

উল্লেখযোগ্য যে চীন ভাৰতৰ সীমা বিবাদ আৰম্ভ হোৱা পিছৰে পৰা ভাৰত নেপালৰ মাজৰ সম্পৰ্কও ফাট মেলিবলৈ আৰম্ভ হৈছে। যোৱা কিছুদিন পূৰ্বে নেপালৰ প্ৰধান মন্ত্ৰী কে.পি.এছ অলিয়ে আচল অযোধ্যা নেপালত বুলি দাবী কৰিছিল। তাৰ পূৰ্বে নেপালে যোৱা মে মাহত ভাৰতৰ কালাপানী,লিম্পিয়াধুৰা আৰু লিপুলেখক নেপালৰ অংশ বুলি দেখুৱাই নতুন মানচিত্ৰ প্ৰকাশ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *