ভাৰতৰ ইতিহাসত বৰ্তমানলৈ হোৱা নিৰ্বাচনৰ ভিতৰত কিজানি এইটোৱেই এটা আটাইতকৈ টেঙা নিৰ্বাচন। এই কথা সকলোৱে এইকাৰণেই সাধাৰণভাৱে বুজি পাইছে যে নিৰ্বাচনৰ পৰিৱেশ বুলিবলৈ বেছিভাগ ঠাইতে একো নাই। কিলোমিটাৰ-কিলোমিটাৰৰ ব্যৱধানত কেৱল এখন দুখনমান দলীয় পতাকাৰ বাহিৰে নিৰ্বাচনৰ কোনো পৰিৱেশেই নাই। ই ইয়াকে প্ৰমাণ কৰিছে যে মানুহে একে কাহিনী তৃতীয়বাৰৰ বাবে আকৌ নিবিচাৰে। এক বিজেপী বিৰোধী বতাহ বলিছে যে এইটো কথাও সঁচা। কিন্তু বিৰোধীকো মানুহে আকোঁৱালি ল’ব নিবিচাৰে। বিশেষকৈ সেই বিৰোধীক, যি কিবা প্ৰকাৰে পুৰণি ৰাজনৈতিক প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰে। আপৰ নিচিনা দলে সেইবাবে কিছু ঠাইত আন দলতকৈ ভাল কৰাৰ খবৰ ওলাইছে। ক’বলৈ গ’লে কিছু বিশেষ সমষ্টিক বাদ দি আন ঠাইত কাৰো ভোট দিয়াৰ ইচ্ছা নাই।
পিছে অসমৰ কথা ক’বলৈ গ’লে এইটো দেখা যাব যে বৰ্তমান সঁচাকৈ আমাৰ বাবে এক অতি বেয়া সময়। কিন্তু এই সময়ে আনিছে আমাৰ বাবে এক সোণালী সুযোগ। এটা কথা সঁচা যে অসমৰ মানুহে কেতিয়াও ভাৰতীয় ৰাষ্ট্ৰীয় দল এটাক আঁকোৱালি ল’ব নোৱাৰে। শেষত সকলো ভাৰতীয় ৰাষ্ট্ৰীয় দল অসম বিৰোধী। ই কমিউনিষ্টেই হওক বা বিজেপিয়েই হওক। নাইবা কংগ্ৰেছ বা আপৰ দৰে নতুন দলসমূহেই হওক। আমি দেখিবলৈ পাওঁ যে বৰ্তমান বহু সুবিধাবাদীয়ে শাসক দলক ন্যায্যতা দিবলৈ আৰু বিৰোধীক হীন কৰিবলৈ কয় যে – অসমীয়া জাতীয়তাবাদী দলে বিৰোধী ভাৰতীয় ৰাষ্ট্ৰীয় দলসমূহৰ লগত একলগ হোৱাটোৱেই হৈছে তেওঁলোকে অসমৰ মানুহক বিশ্বাসঘাটকতা কৰা। কথাটো ভুল মানুহে আৰু ভুল ক্ষেত্ৰত কৈছে যদিও এক হিচাপত সঁচা। এইকথা কোনোবা হিচাপত জাতীয়তাবাদী ৰাইজ সকলোৱেও ধৰিব পৰিছে। আমি এটা সময়ত কিছু ক্ষেত্ৰত দেখিবলৈ পাইছিলো যে বিজেপিৰ দৰে দলেহে অসমত হোৱা অন্যায়ৰ সন্ত্ৰাসৰ সময়ত হাত এখন আগবঢ়াই দিছিল। কিন্তু অসমৰ জাতীয় জীৱনত বিজেপিয়ে পুনৰ সেই একেই সন্ত্ৰাসৰ আৰম্ভ কৰিছে। মই ইয়াত এটা কথা আঙুলিয়াই দিব বিচাৰিছো যে অসমৰ যি সমস্যা মই কেৱল অসমীয়া বুলি নাভাবোঁ। অসমীয়াৰ যি ৰাজনৈতিক স্থান, সি এক প্ৰতিনিধিত্বৰ নিচিনা- একে ধৰণৰ স্থানত থকা আন লোকে, আন জাতি এই দেশতেই নহয়, বিশ্বৰে নানান ঠাইত আমি দেখিবলৈ পাওঁ।
নিৰ্বাচনৰ প্ৰসংগটোত অসমৰ ৰাইজৰ বাবে এক বিকল্পৰ অতিকৈ দৰকাৰ এইমুহূৰ্তটোত। কিন্তু বিড়ম্বনাৰ কথা এইটো যে, বিজেপিৰ বিৰোধিতাত আদৰ্শগতভাৱে আমি দেখিবলৈ পাইছোঁ যে সেই পুৰণি ভাৰতীয় ৰাষ্ট্ৰীয় ব্যৱস্থাসমূহ আমাৰ বাবে এক কৌশলিক বন্ধু হৈ পৰিছে। ক’বলৈ হ’লে মানুহৰ লগতে বিজেপিয়ে নিজৰ আদৰ্শকো সেই পুৰণি ব্যৱস্থাৰ দৰে কৰি পেলাইছে। কিন্তু বিজেপিৰ ফেচীবাদী ৰাজনীতিৰ বাবে সেই অসম বিৰোধী ৰাজনীতি আগতকৈও ভয়ংকৰ আৰু অতি নিষ্ঠুৰ। আমি এই নিষ্ঠুৰতাৰ সন্মুখা-সন্মুখি নোহোৱাৰ কাৰণটো হৈছে – আমাক এক ধৰণে পুৰণি ব্যৱস্থাই হত্যা কৰিলে। আমি যদি চাওঁ বিজেপিৰ বৰ্তমান মূল বিৰোধী হৈছে দাক্ষিণাত্যৰ তামিলসকল। মোদীয়ে নিৰ্বাচনৰ বাবে সপ্তাহত দুবাৰকৈ তামিলনাডু গৈছে।
তামিলনাডুৰ বিজেপিৰ নেত্ৰীকো অতিকৈ প্ৰাধান্য দিয়া হৈছে। বিজেপিয়ে মুকলিকৈ কৈছে যে তেওঁলোকে দ্ৰাবিড়ীয় (দক্ষিণ ভাৰতৰ এক জাতীয়তাবাদ) ৰাজনীতি ধ্বংস কৰিব বিচাৰিছে। এনে কথা অসমৰ ক্ষেত্ৰত নোকোৱাৰ অৰ্থই হৈছে যে অসমত জাতীয়তাবাদ প্ৰায়েই মৃত। অসমত কোনো শক্তিশালী জাতীয় বিকল্প নাই। অসমত হাতত দুটকা লৈ আহি বাংলাদেশীয়ে একো অসম ধ্বংস কৰিব নোৱাৰে। কেৱল কৰিব বিজেপিৰ ‘এক জাতি, এক নিৰ্বাচন’ত বিশ্বাস কৰা ফেচিবাদীসকলে। আৰু ভুলতে অসমীয়া হৈ জন্ম হোৱা তেওঁলোকৰ দালাল সমূহে। ইয়াৰ বিকল্প পুৰণি ভাৰতীয় ৰাষ্ট্ৰীয় দল হ’ব নোৱাৰে। কিন্তু তেওঁলোকৰ বিজেপিৰ বিৰোধিতাৰ বাবে আমাক এক সোণালী সুযোগ দিছে। ৰাহুল গান্ধীৰ কথা মন কৰাসকলে দেখিব যে বৰ্তমান তেওঁ এই কথা বুজি পাইছে। তেওঁ এক ধৰণে কিজানি মনৰ ভিতৰৰ পৰাও আমাক সহায় কৰিব বিচাৰে। তেওঁৰ ফেদাৰেলিজিমৰ কথাই হৈছে আমাৰ সোণালী সুযোগ।
(উচ্চতৰ মাধ্যমিকৰ এগৰাকী শিক্ষাৰ্থী)