“আহিছিল সমগ্ৰ ভাৰত, ৰৈ গ’ল মাত্র অসম”

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমীয়া খাদ্য হাঁহ আৰু কোমোৰা । জিলিকিল মানধনীয়া আৰু মাছৰ টেঙা। জিলিকিল কঁঠাল গুটি পিটিকা আৰু অনেক অসমীয়া খাদ্য।কোনে কয় , অসমীয়া খাৰে ৰন্ধন কৰা খাদ্য জিলিকিল বিশ্ব দৰবাৰত !সদায় মাকে ৰান্ধি দিয়া ভাত কেইটা খাই স্কুললৈ যোৱা ল’ৰাটো এদিন তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আহিছিল বিটেক পঢ়িবলৈ। ভাড়াঘৰত থাকি নিজৰ বাবে ৰান্ধিব লগা হৈছিল নিজৰ বাবে খাদ্য।সেয়াই আছিল আৰম্ভণি।সেই নিজৰ বাবে ৰান্ধিব লগা হোৱা ৰন্ধন প্ৰণালীৰ ৰাপেই হৈ পৰিছিল নিচা। সেই নিচাই আজি তেওঁক চিনাকি দিলে ৰাষ্ট্ৰীয় পৰ্যায়ত। আপোনালোকে নিশ্চয় গম পাইছে কাৰ কথা ক’বলৈ লৈছোঁ। ক’বলৈ লৈছোঁ,
মাষ্টাৰ চেফ ইণ্ডিয়া চিজন ৭ৰ বিজয়ী নয়নজ্যোতি শইকীয়াৰ কথা। হাঁহ আৰু কোমোৰা ৰান্ধি বিচাৰকৰ মন জয় কৰিলে নয়নজ্যোতিয়ে।ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিলে হাঁহ আৰু কোমোৰাক ।ষ্টাৰটাৰ হিচাপে বনাইছিল কেঁকোৰাৰ চাটনি । কোনো প্ৰশিক্ষণ নোলোৱা তিনিচুকীয়া তথা অসমসন্তান নয়নজ্যোতি শইকীয়াই নিজৰ আগ্ৰহ আৰু একাগ্ৰতাৰ বলতেই জিলিকি উঠিল ৰাষ্ট্ৰীয় পৰ্যায়ত। ৰিয়েলিটি শ্ব’ মাষ্টাৰ চেফ ইণ্ডিয়াত নিজে জিলিকি উঠাৰ সমান্তৰালভাৱে নয়নজ্যোতিয়ে আলু পিটিকা, কলডিল আৰু কুকুৰা মাংসৰ জোল আৰু বিভিন্ন অসমীয়া থলুৱা খাদ্য ৰান্ধি অসমীয়া খাদ্যক জিলিকাই তুলিল বিশ্ব দৰবাৰত। মাষ্টাৰ চেফ অফ ইণ্ডিয়া চিজন 7ৰ চূড়ান্ত প্ৰতিযোগিতাত তিনিচুকীয়াৰ নয়নজ্যোতিয়ে ৰান্ধিছিল হাঁহ মাংস আৰু কোমোৰা। ছেফ বিকাশ, ছেফ গৰিমা, ছেফ ৰনবীৰ এই তিনিজন বিচাৰকৰ উপৰি অতিথি বিচাৰক ৰূপে নয়নজ্যোতিয়ে ৰন্ধা খাদ্যৰ জুঁতি লৈছিল তাৰকা ছেফ সঞ্জীৱ কাপুৰে। মাষ্টাৰ ছেফৰ চূড়ান্ত খণ্ডত নয়নজ্যোতিয়ে ষ্টাৰ্টাৰ হিচাপে তৈয়াৰ কৰিছিল কেঁকোৰাৰ চাটনি। এয়া আছিল নয়নজ্যোতিৰ ইন’ভেশ্যন। আনহাতে, বিশ্বদৰবাৰত জিলিকিল আন এগৰাকী অসমীয়া মাষ্টাৰ চেফ ইণ্ডিয়াৰ ৰাণাৰ্ছআপ হ’ল নগাঁৱৰ শান্তা শৰ্মা৷ দেশবাসীক নয়নজ্যোতি শইকীয়া আৰু শান্তা শৰ্মাই দেখুৱালে অসমীয়া খাদ্য দেশৰ ভিতৰত শ্ৰেষ্ঠ খাদ্য।আহিছিল ভাৰত, ৰৈ গ’ল মাত্র অসম। হয়, দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশ লোৱা মাষ্টাৰ চেফ ইণ্ডিয়াৰ টপ ২ত আছিল অসমৰ নয়নজ্যোতি আৰু শান্তা শৰ্মা।শান্তা শৰ্মায়ো কোনো প্ৰশিক্ষণ নোলোৱাকৈ ভিডিঅ’ চাই চাই ৰান্ধিবলৈ শিকা মাষ্টাৰ চেফত উপস্থাপন কৰিছিল পইতা ভাত, মাছৰ পিটিকা, কঠালগুটিৰ পিটিকা, বিলাহী পুৰা আদি অসমীয়া খাদ্য। লগতে আছিল আমাৰ আদৰৰ কেটলি পিঠা।আনহাতে, মাষ্টাৰ ছেফ ছেভেনৰ অন্যতম বিচাৰক বিকাশ খান্নাই নয়নজ্যোতিৰ ইনষ্টাগ্ৰামৰ ফটো দেখি উপস্থিত হৈছিল অসমত। গৈছিল নয়নজ্যোতিৰ তিনিচুকীয়াৰ ঘৰলৈ। সোৱাদ লৈছিল ৰবাব টেঙাৰ। অসমৰ পৰিৱেশ আৰু অসমৰ খাদ্যৰ প্ৰতি আকৰ্ষিত হৈছিল চেফ বিকাশ খান্না।উল্লেখ্য যে, এয়া অসমীয়া জাতিৰ বাবেই গৌৰৱৰ সময়। অসমীয়া খাদ্যৰ বাবে এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া খাদ্যক নয়নজ্যোতি আৰু শান্তাই প্ৰতিষ্ঠা কৰি থৈ আহিল। সহজ ভাষাত আমাৰ খানা দেশৰে শ্ৰেষ্ঠ।এতিয়া সেই বাটেৰে আগবাঢ়ি অসমীয়া থলুৱা খাদ্যাভাসক প্ৰতিষ্ঠা আৰু প্ৰসাৰ কৰাৰ দায়িত্ব আমাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *