সন্ত্ৰাসবাদীৰ লক্ষ্য ৰাহুল গান্ধী !

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ‘ভাৰত জোড়ো’ যাত্ৰা জানুৱাৰীৰ শেষৰ ফালে অৰ্থাৎ ৩০ জানুৱাৰীত অন্ত পৰিব কাশ্মীৰত।কাশ্মীৰত প্ৰৱেশ কৰাৰ পিছত ৰাহুল গান্ধীৰ নিৰাপত্তা ব্যৱস্থাক লৈ উদ্ভৱ হ’বলগীয়া সাম্ভাৱ্য পৰিস্থিতিক লৈ শংকিত নিৰাপত্তা সংস্থাসমূহ।ৰাহুল গান্ধীক এই সম্পৰ্কে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে সংস্থাসমূহে।এজন জ্যেষ্ঠ নিৰাপত্তা বিষয়াৰ মতে ” তেওঁৰ নিৰাপত্তাৰ বাবে সকলো পৰিকল্পনা কৰা হৈছে।কিছুমান অঞ্চলত খোজ কঢ়াৰ পৰিবৰ্তে গাড়ীৰে যাত্ৰা কৰিবলৈ তেওঁক আহ্বান জনোৱা হৈছে৷তদুপৰি তেওঁ নিশা কটাবলগীয়া স্থান সম্পৰ্কেও এক পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।৫২ বছৰীয়া কংগ্ৰেছ নেতাগৰাকীয়ে বানীহালত ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু অনন্তনাগ হৈ ২৭ জানুবাৰীত শ্ৰীনগৰত প্ৰৱেশ কৰাৰ কথা।নিৰাপত্তা সংস্থাসমূহে গান্ধীয়ে অতি কম মানুহ লৈ কাশ্মীৰত পদযাত্ৰা কৰাটো বিচাৰিছে।ভাৰত জোড়োৰ পৰিকল্পনা অনুসৰি ১৯ জানুৱাৰীত গান্ধী লক্ষণপুৰত প্ৰৱেশ কৰাৰ কথা৷তাত এটা নিশা কটোৱাৰ পিছত কঠুৱাৰ হটলী মলৰ পৰা চাদৱাললৈ যাব।ৰাহুল গান্ধী বৰ্তমান জেদ প্লাছ নিৰাপত্তা আৱেষ্টনীৰ মাজত আছে।তেওঁক ৮ ৰ পৰা ৯ জন কমাণ্ডোৱে ২৪ ঘণ্টাই নিৰাপত্তা প্ৰদান কৰি আহিছে।বিগত মাহত কংগ্ৰেছ দলৰ তৰফৰ পৰা ৰাহুল গান্ধীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছিল ।কেন্দ্ৰই কংগ্ৰেছৰ এই আহ্বানৰ প্ৰত্যুত্তৰত কয় যে গান্ধীয়ে ২০২০ চনত ১০০ বাৰৰো অধিক বাৰ নিজেই নিৰাপত্তা বেষ্টনী ভাঙিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *