প্ৰতিৱেশী ৰাজ্য চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টে ত্ৰাস সৃষ্টি কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সজাগ হৈছে অসম চৰকাৰ।অসমৰ জনতাক ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰা মুক্তি দিবলৈকে কেন্দ্ৰীয় চৰকাৰলৈ পুনৰ ক’ভিড ভেকচিন বিচাৰি আৱেদন জনাইছে ৰাজ্য চৰকাৰে।মুঠ এক লাখ কভিশ্বিল্ড আৰু ৬০ হাজাৰ কৰ্বিভেক্স ভেকচিন বিচাৰিছে অসম চৰকাৰে।গুৰত্বপূৰ্ণ বিষয় এয়ে যে বিগত নবেম্বৰ মাহত ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে মৃত্যুক সাৱটি লোৱা দুগৰাকী ভুক্তভোগীৰ পৰিয়ালে ন্যায়ালয়ত কন্যাৰ মৃত্যুৰ ন্যায় আৰু ক্ষতিপূৰণ বিচাৰি আৱেদন জনাইছিল।ন্যায়ালয়ে ভুক্তভোগীৰ আৱেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰক এই বিষয়ে প্ৰশ্ন কৰাত চৰকাৰী পক্ষই এই ভেকচিন বাধ্যতামূলক নাছিল আৰু কাকো বলপূৰ্বকভাৱে দিয়া হোৱা নাছিল বুলি উল্লেখ কৰিছিল।কেন্দ্ৰীয় চৰকাৰৰ এই স্থিতিৰ পিছত ক’ভিড ভেকচিন লৈ পাৰ্শ্বক্ৰিয়াত আক্ৰান্ত লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ লগতে ভীতিগ্ৰস্ত হৈছিল।অসমতো প্ৰায় গৰিষ্ঠসংখ্যক লোকে এই ভেকচিন লৈছে ।কিন্তু বাধ্যতামূলকভাৱে ভেকচিন দিয়া অসম চৰকাৰে পিছত এইক্ষেত্ৰত ভেকচিন লোৱাসকলৰ ইচ্ছাক প্ৰাধান্য দিয়া বুলি উল্লেখ কৰিছিল।সেয়ে ভেকচিন দি দায়িত্ব নোলোৱা চৰকাৰখনে পুনৰ অসমবাসীক ভেকচিন প্ৰদানৰ যো -জা চলোৱাক লৈ আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।উল্লেখ্য যে অসম চৰকাৰে এতিয়ালৈকে ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ বাবে নিজাববীয়াকৈ কোনো নীতি নিয়ম জাৰি কৰা নাই।স্বাস্থ্য শিক্ষাৰ সঞ্চালক ডা° অনুপ কুমাৰ বৰ্মনে কয়’কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলীয়েই বৰ্তমান আমি অনুসৰণ কৰিম।’
