খঙত অগ্নিশৰ্মা এগৰাকী সাংসদ,কিন্তু কিয়?

ভাৰত জোড়ো যাত্ৰা সম্পৰ্কত মন্তব্য দিবলৈ গৈ ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে সাংসদ সঞ্জয় ৰাৱটে।শিৱসেনাৰ মুখপত্ৰ ‘চামনা’ৰ সাপ্তাহিক স্তম্ভত ৰাহুল গান্ধীয়ে ছাভাৰকাৰক সমালোচনা কৰাটো বন্ধ কৰিব লাগে বুলি কয় সঞ্জয় ৰাৱটে।অলপতে ‘ভাৰত জোড়ো’ যাত্ৰা সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভি ডি চাভাৰকাৰক ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক নিজস্ব ‘প্ৰতীক’ হিচাপে ঘোষণা কৰিছিল।ৰাহুল গান্ধীয়ে সেই একেখন সংবাদমেলতেই বৃটিছ শাসকক ছাভাৰকাৰে সহায় কৰাৰ লগতে ক্ষমা খুজি পত্ৰ প্ৰেৰণ কৰাৰ কথাও উল্লেখ কৰিছিল।জামিনত মুক্তি লাভ কৰা ৰাৱটে ৰাহুল গান্ধীৰ মন্তব্য সম্পৰ্কত কয় “ মই তিনিমাহ কাৰাগাৰত কটালোঁ।অৰ্থাৰ ৰ’ডত কেইবাজনো স্বাধীনতা সংগ্ৰামীক বন্দী কৰা হৈছিল৷সেই কাৰাগাৰত এখন স্মৃতিফলক আছে৷এগৰাকী সাধাৰণ আছামী হিচাপে এটা দিনো কাৰাগাৰত থকাতো কষ্টসাধ্য।”ছাভাৰকাৰ আন্দামানৰ কাৰাগাৰত প্ৰায় ১০ বছৰ আছিল আৰু যথেষ্ট কষ্টৰ মাজেৰে দিনবোৰ পাৰ কৰিছিল।বৃটিছে মানি লণ্ডাৰিঙৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা নাছিল।তেওঁ বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল যাৰবাবে তেওঁক আন্দামানত নিৰ্বাসন দিছিল”- মাৰাঠী দৈনিক চামনাৰ কাৰ্যবাহী সম্পাদক সঞ্জয় ৰাৱটে এনেদৰে লিখে।তেওঁ কয় যে দুটা যাৱজ্জীৱন কাৰাদণ্ড মানে প্ৰায় ৫০ বছৰৰ জে’ল।ছাভাৰকৰৰ ভাতৃ নাৰায়ণ ৰাওক চৰ্তহীনভাৱে জামিন মঞ্জুৰ কৰা হৈছিল।কিন্তু ছাভাৰকৰক বিশেষ চৰ্ততহে মুক্তি দিয়া হৈছিল।সেয়ে ইয়াক বৃটিছে ক্ষমা কৰি দিয়া বুলি ক’ব নোৱাৰি।ৰাৱটে ওৱাই ডি ফাৰকে নামৰ এজন লিখকে লিখা গ্ৰন্থৰ উদ্ধৃতি দি কয় যে উক্ত গ্ৰন্থত এখন পত্ৰৰ কথা কোৱা হৈছে,সেই পত্ৰখন এখন ক্ষমা বিচাৰি দিয়া পত্ৰ বুলি উল্লেখ কৰিছিল,কিন্তু এয়া আছিল কাৰাগাৰৰ পৰা মুক্তি লাভৰ এক কৌশলহে।তেওঁ অৱশ্যে বৃটিছ চৰকাৰৰ লগত সহযোগিতা আগবঢ়োৱাটো সঁচা কিন্তু এয়া আছিল এক কৌশল।১৯২০ চনৰ ২৬ মে’ত ইয়ং ইণ্ডিয়াত মহাত্মা গান্ধীৰ এক লেখা প্ৰকাশ পাইছিল৷তাত তেওঁ ছাভাৰকাৰ আৰু তেওঁৰ ভাতৃক মুক্তি দিয়াৰ দাবী জনাইছিল ।১৯২৩ চনৰ কংগ্ৰেছৰ বছৰেকীয়া সন্মিলনতো ছাভাৰকাৰৰ মুক্তি দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।ৰাৱটে কয় যে যদি ছাভাৰকাৰে তেওঁৰ পূৰ্বৰ স্থিতি অক্ষুণ্ণ ৰাখিলেহেঁতেন তেন্তে তেওঁ হয়তো মুক্তি নাপালেহেঁতেন !সেয়ে ইয়াক আত্মসমৰ্পণ আখ্যা দিব নোৱাৰি বৰঞ্চ ইয়াক এক কৌশল আখ্যা দিয়াহে উচিত ।“ বৰ্তমান বহুতবোৰ নেতাই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে ইয়াৰ কাৰণ হ’ল ইডিৰ ভয়৷দল সলনি কৰি নিজক বচাবৰ চেষ্টা কৰে।ছাভাৰকাৰে ১০ বছৰ কাৰাবাস খাটিছে ।সেই কাৰাবাস তেওঁ দেশৰ স্বাধীনতাৰ বাবে খাটিবলগীয়া হৈছিল”- এনেদৰে কয় সঞ্জয় ৰাৱটে।ভাৰত জোড়ো যাত্ৰাৰ প্ৰধান উদ্দেশ্য ছাভাৰকাৰক সমালোচনা কৰা নহয়।“ ভাৰত জোড়ো যাত্ৰাত এই ছাভাৰকাৰৰ বিষয়টো উলিয়াই যাত্ৰাৰ ধনাত্মক শক্তিটো হ্ৰাস কৰিছে গান্ধীয়ে আৰু যাত্ৰাটোৰ প্ৰতি বিশ্বাস হ্ৰাস কৰিছে”- এনেদৰে কয় সাংসদ গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *