সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কিয়েভৰ পৰা কাৰ্ফিউ প্ৰত্যাহাৰ : ভাৰতীয় ছাত্ৰ- ছাত্ৰীক ৰেলৱে ষ্টেচনলৈ যোৱাৰ আহ্বান

ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা নৈশ সান্ধ্যআইন প্ৰত্যাহাৰ কৰা হৈছে ৷ ইয়াৰ পাছতে ভাৰতীয় দূতাবাসে তাত আৱদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ – ছাত্ৰীসকলক ৰেলৱে ষ্টেচনলৈ যাবলৈ আহ্বান জনাইছে ৷ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি , সোমবাৰে পুৱা ৮ বজাৰ পৰাই কাৰ্ফিউ প্ৰত্যাহাৰ কৰা হৈছে ৷ কিয়েভৰ স্থানীয় কৰ্তৃপক্ষই ঘোষণা কৰিছে যে যুদ্ধ এতিয়াও শেষ হোৱা নাই ৷ কোনো এখন চহৰৰ পৰিস্থিতিয়েই পূৰ্বৰ দৰে স্বাভাৱিক হৈ থকা নাই ৷ নিশা ১০ বজাৰ পৰা পুৱা ৭ বজালৈ আকৌ সান্ধ্যআইন বলবৎ কৰা হ’ব ৷

Leave A Reply

Your email address will not be published.