ৰাষ্ট্ৰীয়কৃত বীমা কোম্পেনী এল আই চিৰ ব্যক্তিগতকৰণৰ দিশে আৰু এখোজ আগবাঢ়িল কেন্দ্ৰীয় চৰকাৰ ৷ এল আই চিত ২০ শতাংশ বিদেশী বিনিয়োগত অনুমোদন জনাইছে চৰকাৰে ৷ চৰকাৰৰ আশা – বিদেশী বিনিয়োগৰ জড়িয়তে ৬৩ হাজাৰ কৌটিৰ পৰা ৬৬ হাজাৰ কৌটি টকাৰ শ্বেয়াৰ বিক্ৰী হ’ব ৷ বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে বীমা খণ্ডত বিদেশী বিনিয়োগৰ পৰিমান ৪৯ শতাংশৰ পৰা ৭৪ শতাংশলৈ বৃদ্ধি কৰিছিল ৷ এল আই চিত বিনিয়োগৰ ক্ষেত্ৰতো কোনো বিশেষ চৰ্ত আৰোপ কৰা হোৱা নাই ৷