সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আমেৰিকাৰ প্ৰস্তাৱ কিয় নাকচ কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ?

অবিৰাম যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনষ্কিয়ে নাকচ কৰিছে আমেৰিকাৰ প্ৰস্তাৱ ৷ আমেৰিকাই জেলেনস্কিক দেশৰ পৰা বাহিৰলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু সেই প্ৰস্তাৱ নাকচ কৰি জেলেনস্কিয়ে কয় যে ইয়াত যুদ্ধ চলিছে ৷ আমাক অস্ত্ৰ শস্ত্ৰৰ দৰকাৰ ৷ ভ্ৰমণৰ নহয় ৷ জেলেনস্কিৰ এই প্ৰতিক্ৰিয়া ছোচিয়েল মেডিয়াত ব্যাপক ৰূপত চৰ্চিত হৈছে ৷ তেও নিজৰ ভাষণত কয় ,’ যেতিয়ালৈকে আমাৰ ওপৰত আক্ৰমণ চলি যায় , আমিও যুঁজি যাম ৷ যুদ্ধলৈ পিঠি দি পলায়ন নকৰো ৷’

Leave A Reply

Your email address will not be published.