সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নংগ্ৰিয়াট লিভিং ৰুট ব্ৰিজ আৰু ৰেইনবো ফল-জিতাদিত্য নাৰ্জাৰী

“মই যিমান পাৰি দ্ৰুত গতিৰে নামি গৈ আছোঁ কিন্তু আৰু কিমান যাব লাগিব বুজি পোৱা নাই। সন্মুখত এখন ওলোমা দলং আৰু দলঙৰ ওপৰত দুজনী স্থানীয় (যেন লগা) ছোৱালী। তেওঁলোকেও মোৰ পিনে ঘূৰি চাই আছে। গতিকে মই আগবাঢ়ি গৈ সুধিলোঁ, আৰু কিমান দূৰ?
তেতিয়াহে বুজি পালোঁ যে তেওঁলোকো স্থানীয় নহয়। মালয়াছিয়াৰ পৰা অহা! তেওঁলোকেও মোক স্থানীয় লোক বুলি ভাবি একেটা প্ৰশ্ন কৰিবলৈ ৰখি আছিল!”

জিতাদিত্য নাৰ্জাৰী

 

- Donation -

নংগ্ৰিয়াটলৈ যোৱাটো চক্ৰব্যুহত সোমোৱাৰ দৰে। গৈ পোৱাটো ইমান টান নহয় কিন্তু বহু তললৈ নামি যাব লগে আৰু উভতি কেনেকৈ আহিব সেই চিন্তাই মনটো ভাৰক্ৰান্ত কৰি তোলে। আন ট্ৰেকত আপুনি ওপৰলৈ উঠি যায়, ইয়াত নামি যায় আৰু উঠি অহাটো বেছি কষ্টকৰ যেন লাগে। যিকিনহওক, মই ৰাতিপুৱা চেৰাপুঞ্জীৰ হমষ্টেটোত ব্ৰেকফাষ্ট কৰি শ্বেয়াৰ্ড গাড়ী এখন ধৰি টিৰ্ণা বুলি ঠাইখন পালোঁ। এইখিনি ৰাস্তা ৪০-৪৫ মিনিটমান লাগে আৰু ট্ৰেক ইয়াৰ পৰা আৰম্ভ হয়।

মই ট্ৰেক আৰম্ভ কৰি নামি গৈ গাঁও এখন পাৰ হৈ নীলা সেউজীয়া নদীখন পালোঁ যত উপৰোক্ত মালয় পৰ্য্যটক দুজনী ৰৈ আছিল। দলং খন পাৰ হোৱাৰ পিছত অৱশ্যে বেছি সময় নালগিল আৰু আমি ১৫-২০ মিনিটত নংগ্ৰিয়াট পাই গলো ।

আগতে ইয়ালৈ বেছি মানুহ নাহিছিল যদিও যোৱা ৪-৫ বছৰত নংগ্ৰিয়াটৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে। গাঁৱৰ মানুহখিনিও পৰ্য্যটনৰ বাবে লাভবান হৈছে। মই এখন হমস্টেত ৰূম এটা লৈ বেগটো থৈ ওলাই অহিলো।

গোটেই গাঁওখন গঢ়ি উঠিছে এখন সৰু নদী আৰু তাৰ উপৰত ওলমি থকা লিভিঙ ৰুট ব্ৰীজ খনৰ চৌপাশে। মেঘলয়ৰ আন বহু ঠাইত এইধৰণৰ গছৰ শিপাৰে বনোৱা দলং আছে কিন্তু নংগ্ৰিয়াটৰখন হল দুখলপীয়া আৰু সেইকাৰণে বহুতে তাকে চাবলৈ ইয়ালৈ আহে।

 

 

মই ৰুট ব্ৰিজখন চাই কেইটামান ফটো তুলিলো কিন্তু ভিৰ যথেষ্ট আছিল, বিশেষকৈ সপৰিয়ালে অহা লোকসকলে গোটেই ঠাইখিনি ভৰাই পেলোৱাজেন লাগিল। কথাটো কলে বহুতে ভাল নাপায় কিন্তু মই সাধাৰণতে সৰু লৰা ছোৱালীৰ লগত মিলিব নোৱাৰোঁ। গতিকে সেই ঠাইত বেছি সময় নাথাকি মই পিছদিনা কৰিম বুলি ভবা কামফেৰা সেইদিনাই কৰি পেলোৱাটোৱে ঠিক যেন লাগিল।

গতিকে, এতিয়া আৰম্ভ হল দ্বিতীয় পৰ্য্যায়, ৰেইনবো ফলছ লৈ। এই জলপ্ৰপাত টো গাঁৱৰ পৰা ৪ কিলোমিটাৰ দূৰত আৰু এইবাৰ নামি যোৱাৰ সলনি ট্ৰেকিং কৰি উঠি যাব লাগিব। সেইবাবেই ৰুট বৃজত থকা বেছিভাগ পৰিয়াল এইফালে যোৱাৰ সম্ভাৱনা কম।

মই প্ৰথমে এখন দোকানত কিবা অলপ খাই লৈ দোকানিজনকে এই বিষয়ে সুধিলো। তেওঁ কলে ডেৰ ঘণ্টামান গৈ পাওঁতে লাগিব। সাধাৰণতে ভিতৰুৱা ঠাইত সঠিক ইনফৰ্মেশন পোৱা নাযায়। ইতিমধ্যে ১ টা বাজি ছিল। তথাপি মই তাত বহি পিছদিনালৈ অপেক্ষা কৰাতকৈ ৰিস্ক লৈ আগবাঢ়ি গলোঁ।

নংগ্ৰিয়াটৰ পিছত আৰু কোনো গাওঁ চকুত নপৰিল। ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাটটোৰ কাষেৰে বৈ আহিছে এখন নদী। আচলতে এই নদীখনেই আহে জলপ্ৰপাতৰ পৰা। গতিকে নদীৰ পাৰে পাৰে উঠি গৈ থাকিলে আপুনি গন্তব্য স্থান পাই যাব।

 

 

পৰ্বতীয় নদী বোৰৰ এটা বিশেষ নীলা সেউজীয়া ৰং থাকে। সেইটো মই বহু ঠাইত দেখা পাইছোঁ কিন্তু মেঘালয়ত এই ৰং সকলোতকৈ বেছি উজ্জ্বল যেন লাগে। গতিকে ট্ৰেকটো অলপ কষ্টকৰ হলেও মই সেই দৃশ্য উপভোগ কৰি আগবাঢ়ি গৈ থাকি লোঁ। মাজতে এঠাইত নদীখনে অলপমান বহল জাগা পাই “চুইমিং পুল” এখন গঢ়ী তুলিছে। বহুতে ইয়াত সাতুৰিব আহে (ফটো বহুত দেখিছোঁ) কিন্তু সেই সময়ত কোনো নাছিল। ময়ো তাত সময় নষ্ট নকৰি আগবাঢ়ি গলোঁ।

দোকানিজনৰ খবৰ কিন্তু ভুল নাছিল। ঠিক ডেৰ ঘণ্টাৰ পিছত মই শব্দ এটা শুনিবলৈ আৰম্ভ কৰিলোঁ। এই শব্দৰ মানে হল জলপ্ৰপাত এটা কাষতে আছে। আৰু ৫ মিনিটমান পিছত অৱশেষত চকুত পৰিল সেই বিশাল জলপ্ৰপাত।

ৰেইনবো ফল নামটো দিয়া হৈছে কাৰণ বতৰ ফৰকাল হলে ইয়াৰ ওপৰত এটা ৰামধেনু দেখা যায়। কিন্তু সেই সময়ত আকাশখনৰ ডাৱৰীয়া হৈ পৰাত মই ৰামধেনু দেখা নাপালোঁ যদিও জলপ্ৰপাতৰ দৃশ্যই মোৰ কাৰণে যথেষ্ট আছিল। ইতিমধ্যে আৰু দুই এজন পৰ্য্যটক আহি পাইছিল যদিও বেছি মানুহ নাছিল। গতিকে শান্তিৰে মই তাত দুঘণ্টা মান বহি থাকিলো।

উভতি অহাটো ইমান কঠিন নাছিল আৰু মই আবেলি ৫ টা মানত ঘূৰি আহি নংগ্ৰিয়াটৰ হমস্টে পালোঁ। সেই ৰাতি কাৰেণ্ট নাছিল কিন্তু দিনটোৰ পৰিশ্ৰমৰ পিছত ভাল টোপনি আহিল।

 

পিছদিনা পুৱা অলপ কষ্ট হল যদিও মই বেছি সমস্যা নোহোৱাকৈ উঠি আহি টির্ণা পালোঁ কিন্তু আছল সমস্যা তাৰ পিছতহে আৰম্ভ হল। নংগ্ৰিয়াটত ফোন বা ইণ্টাৰনেট ভালকৈ কাম নকৰে গতিকে বাহিৰত কি হৈ আছে গম পোৱা নাযায়। এতিয়া ওপৰলৈ উঠিহে গম পালো যে আগদিনা শ্বিলঙত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈছে। গতিকে যাতায়াত বন্ধ আৰু ইণ্টাৰনেট কাটি দিয়া হৈছে!

আন কিছুমান পৰ্য্যটকক লৈ অহা অসমীয়া ড্ৰাইভাৰ এজনে মোক চেৰাপুঞ্জীলৈ লিফট দি দিলে আৰু মই আকৌ ৰাতিটো তাতে কটালো। পিছদিনা কেইজনমান দক্ষিণ ভাৰতীয় পৰ্য্যটকৰ গাড়ীত লিফট লৈ মই গুৱাহাটী পালোঁ। মোৰ আন কিছুমান প্লেন আছিল যিবোৰ বাদ দিব লগা হল। কিন্তু অকলশৰীয়া বেকপেকিঙত এনেকুৱা ঘটনা হৈ থাকে।

(জিতাদিত্য নাৰ্জাৰী এজন প্ৰতিস্থিত ভ্ৰমণ লেখক। তেখেতৰ অন্যান্য লেখা সমূহ পঢ়িবলৈ এই লিংকটোত ক্লিক কৰক https://travellingslacker.com/nongriat-trek-double-decker-living-root-bridge-rainbow-falls/)

Leave A Reply

Your email address will not be published.