Investigative reporting with dedication.
লাভলীনা : স্কুলত কিতাপ এৰি যি এদিন যোগ দিছিলগৈ ছাইৰ ক্ৰীড়া শিবিৰত

২০১০ চনৰ কথা ৷ ধনশিৰি আইটিআইৰ ছাত্ৰী সোণমণি গগৈয়ে এদিন বৰপথাৰ ছোৱালী হাইস্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মোমায়েকৰ জীয়েক লাভলীনাক প্ৰশিক্ষক তথা তাইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ওচৰলৈ লৈ আহিছিল ৷ সেয়াই আৰম্ভণি ৷ প্ৰশান্ত কুমাৰ দাসৰ ওচৰত লাভলীনাই মুৱাই-থাই নামৰ শাৰীৰিক কলাৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে ৷ লগতে কিক্ বক্সিং আৰু ঠাং'টা নামৰ মণিপুৰী সমৰ কলাৰো প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ আৰম্ভ কৰিলে

