সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ কিয় প্ৰশ্ন উত্থাপন কৰিলে CAG য়ে?

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্তুষ্ট নহয় CAG অৰ্থাৎ Comptroller and Auditor General of India। শেহতীয়াকৈ অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্দেহ প্ৰকাশ কৰি CAG য়ে নিজৰ প্ৰতিবেদনত কৈছে অসম চৰকাৰে ঘোষণা কৰা ২০১৮-১৯ ৰ বাজেটৰ অনুমান বাস্তৱিক নাছিল আৰু বহুতো আঁচনিৰ প্ৰাক প্ৰাথমিক কাম কাজ সম্পূৰ্ণ নোহোৱাৰ বাবে ৰূপায়ন নোহোৱাকৈ ৰৈ গ’ল।

পিটিআইৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি যোৱা ৩১ মার্চ ২০১৯ত বিত্তীয় বৰ্ষ শেষ হোৱাৰ পাছতেই CAG য়ে ৰাজ্যৰ অডিট ৰিপৰ্ট অসম বিধানসভাত দাখিল কৰিছিল। কিন্তু বহু বাৰ সমালোচনা কৰাৰ পাছতো চৰকাৰে সেই ভুলবোৰ শুধৰাবলৈ সক্ষম নহ’ল।CAG য়ে অসম চৰকাৰৰ ১,০৮,৪৯০ কোটি টকাৰ বাজেটৰ বিশ্লেষণ কৰি কয় যে বাজেটৰ ধন ৰূপায়ন আৰু নিৰীক্ষণ পৰ্যাপ্ত প্ৰয়াসৰ অভাৱ অসম চৰকাৰৰ।

- Donation -

ৰাজ্য চৰকাৰৰ বিষয়াৰ দ্বাৰা তৈয়াৰ কৰা ৰচিদ আৰু খৰচৰ বিৱৰণ একাউন্ট জেনেৰেলৰ ডাটাৰ লগত মিলা নাই বুলিও প্ৰকাশ কৰিছে CAG ৰ ৰিপোৰ্টত যিয়ে একাউন্টৰ সঠিক বিৱৰণক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন হৈছে।উল্লেখযোগ্য যে CAG য়ে নিজৰ ৰিপোৰ্টত কৈছে যে কোনো স্পষ্টীকৰণ নোহোৱাকৈ চৰকাৰে অতিৰিক্ত অনুদানৰ আৱন্টন কৰিছিল আৰু বাজেটৰ অধীনত নথকাকৈও বহুত টকাৰ খৰচ কৰা হৈছিল। এই বিষয়ত বহু বছৰৰ পৰাই ৰাজ্য চৰকাৰলৈ পৰামৰ্শ আগবঢ়োৱাৰ পিছতো ৰাজ্য চৰকাৰে ভুল ত্ৰুটী দূৰ কৰাত বিফল হোৱা বুলি অভিহিত কৰিছে CAG য়ে।

ইয়াৰ উপৰিও স্বায়ত্ব শাসিত অঞ্চল, DEVELOPMENT বৰ্ড আৰু প্ৰাধিকৰণৰ তৰফৰ পৰা হৈ থকা কামৰ কোনো প্ৰমাণ পত্ৰ আৰু বিল জমা নকৰি চৰকাৰে নিয়মৰ উলংঘা কৰিছে বুলি উল্লেখ কৰা লগতে CAG ৰ উক্ত ৰিপোৰ্টৰ অনুসৰি ই অসম চৰকাৰৰ আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ অভাৱ আৰু দুৰ্বল নিৰীক্ষণ ব্যৱস্থাকে প্ৰতিফলিত কৰে।

Leave A Reply

Your email address will not be published.