কট্টৰপন্থী ইছলামিক সংগঠন তালিবানৰ যুঁজাৰু বাহিনীয়ে শুকুৰবাৰে কান্দাহাৰ দখল কৰা পাছত উপস্থিত হৈছে লোগাৰৰ ৰাজধানী ফুল- এ -আলমত ৷ আফগান চৰকাৰৰ বাবে এয়া অতি বিপজ্জনক ৷ কিয়নো ফুল_এ- আলম দেশখনৰ ৰাজধানী কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ মূল পথেৰে মাত্ৰ দুঘন্টাৰ ভিতৰত তালিবান গৈ উপস্থিত হ’ব পাৰিব ৰাজধানী চহৰখনত ৷ ইতিমধ্যে ১৮ খন ৰাজ্যৰ ৰাজধানীত তালিবানে নিজৰ আধিপত্য বিস্তাৰ কৰিছে ৷ ইফালে , আমেৰিকাৰ চোৰাংছোৱাই সদৰী কৰিছিল যে মাত্ৰ ৩০ দিনৰ ভিতৰত তালিবানে কাবুলক দেশৰ আন প্ৰান্তৰ পৰা বিচ্ছিন্ন কৰি ৯০ দিনত নিৰ্বাচিত চৰকাৰ ওফৰাই দিব পাৰে ৷ চোৰাংছোৱাৰ এই ভৱিষ্যতবাণী সঁচা হোৱাৰ দিশত আগবাঢ়িছে ৷
ৰাষ্ট্ৰসংঘই কি কয় ?
আফগান সেনা আৰু তালিবানৰ যুদ্ধত শংকিত হৈ পৰিছে দেশখনৰ নাগৰিক ৷ নিজৰ নিজৰ ঘৰ এৰি বহু মানুহ সুৰক্ষাৰ বাবে কাবুল অভিমুখে ৰাওণা হৈছে ৷ অনেকক দেখা গৈছে পথৰ ওপৰতে মুকলি আকাশৰ তলত নিশা কটোৱাৰ অৱস্থাত ৷ এনে পৰিস্থিতিত ৰাষ্ট্ৰসংঘই চুবুৰীয়া দেশসমূহক নিজৰ নিজৰ সীমান্ত মুকলি কৰি ৰাখিবলৈ আহ্বান জনাইছে ৷ এক গভীৰ মানবীয় সংকটৰো আশংকা ব্যক্ত কৰা হৈছে ৷ কিয়নো , নিজৰ ঘৰ এৰি কাবুলত আশ্ৰয় লোৱা লোকসকলৰ ভিতৰত ৭২ হাজাৰ শিশুও আছে ৷
আন দেশৰ প্ৰতিক্ৰিয়া কি ?
ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী বেন বালেছে সকীয়ণি প্ৰদান কৰি কৈছে যে তালিবানৰ আগ্ৰাসনৰ লগে লগে আফগানিস্তান গৃহযুদ্ধৰ অভিমুখে আগবাঢ়িছে ৷ ব্ৰিটেইনৰ লগতে আমেৰিকাইও দেশখনত থকা দূতাবাসত কৰ্মচাৰীৰ সংখ্যা কম কৰাৰ কথা ঘোষণা কৰিছে ৷কিন্তু ৰাছিয়াই এতিয়াও এনে কোনো সিদ্ধান্ত লোৱা নাই বুলি সদৰী কৰিছে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Next Post