Investigative reporting with dedication.
অৰ্ণব গোস্বামীৰ ৰিপাব্লিক টিভিৰ দুজন সাংবাদিকক গ্ৰেপ্তাৰ
বিতৰ্কিত অৰ্ণব গোস্বামী, বিতৰ্কিত তেখেতৰ নিউজ চেনেল ৰিপাব্লিক টিভি। অতিৰঞ্জিত আৰু অকালপক্ক সাংবাদিকতাৰে বিতৰ্কৰ সূত্ৰপাত ঘটোৱা এই চেনেলটোৰ এতিয়া দুজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে।
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৰিপাব্লিক টিভিৰ সাংবাদিক অনুজ কুমাৰ, এজন কেমেৰামেন য়েছপালজিত সিং আৰু অ’লা কেবৰ গাড়ীচালক প্ৰদীপ দিলীপ ধনাৱদে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধব থাকৰেৰ ৰাইগড স্থিত বাসভৱনত বিনা অনুমতি প্ৰবেশৰ চেষ্টা চলাওঁতে পুলিচে তিনিওকে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে আজি তিনিওঁকে ৪ দিনৰ পুলিচৰ জিম্মাত প্ৰেৰণ কৰে।
সাংবাদিক দুজনে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ লগতো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।
ইয়াৰ পিছতে ৰিপাব্লিক টিভিয়ে সংবাদ মাধ্যমক জানিব দিয়ে যে তেওঁলোকৰ সাংবাদিক দুজন এক বিশেষ অনুসন্ধানমূলক কামত নিয়োজিত আছিল। এনেধৰণে কৰা গ্ৰেপ্তাৰক চেনেলটোৱে সাংবাদিক দুজনৰ ৰিপোৰ্ট কৰাৰ অধিকাৰ খৰ্ব কৰা হৈছে বুলিও জানিব দিয়ে।

