ৰাজ্যপালৰ পক্ষপাতিত্ব : অনুষ্ঠিত নহ’ল মেয়ৰ নিৰ্বাচন

১৫ বছৰ একেলেথাৰিয়ে দিল্লী মিউনিচিপাল কৰ্পৰেশ্যন দখল কৰি থকাৰ পিছত বিজেপিয়ে ক্ষমতা হেৰুৱাই যেন উদ্বাউল হৈ পৰিছে।তাৰেই প্ৰতিফলন দেখা গ’ল শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া মেয়ৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত।দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাৰ হস্তক্ষেপৰ বাবেই আজি অনুষ্ঠিত নহ’ল মেয়ৰৰ নিৰ্বাচন। বিগত ৫ ডিচেম্বৰত দিল্লীত মিউনিচিপাল নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ফলাফল ঘোষণা হৈছিল ৭ ডিচেম্বৰত।এই নিৰ্বাচনত একপ্ৰকাৰ ধূলিস্যাৎ হৈ পৰিছিল শাসক দল বিজেপি।ফলাফল ওলোৱাৰ এটা মাহ পিছত আজি মেয়ৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল৷আপে মেয়ৰ পদৰ বাবে ছেলী অবেৰয় আৰু উপ মেয়ৰ পদৰ বাবে আলী মহম্মদ ইকবালক উপ মেয়ৰ পদৰ প্ৰাৰ্থী হিচাপে ঠিয় কৰাইছিল। আনহাতে,বিজেপিয়ে ৰেখা গুপ্তাক মেয়ৰ আৰু কমল বাগ্ৰীক উপমেয়ৰ পদৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।কিন্তু দিল্লীৰ উপ ৰাজ্যপাল ভি কে ছাক্সেনাই বৃহস্পতিবাৰে ১০ জন পাৰিষদক কেৱল বিজেপিৰ পৰাই মনোনীত কৰাক লৈ অসন্তুষ্টি বৃদ্ধি পাইছে আপত যাৰ ফলত আজি দুয়ো পক্ষৰ মাজত বৃদ্ধি পায় সংঘাত। শুকুৰবাৰে আপৰ প্ৰতিবাদৰ বাবেই অনুষ্ঠিত নহ’ল মেয়ৰৰ নিৰ্বাচন।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে