সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

য়ুহানত পুনৰ গণ সংক্ৰমণৰ আশংকা

য়ুহানৰ পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত বিগত মাহত লক্ ডাউন উঠাই দিছিল চীন প্ৰশাসনে। দোকান-বজাৰ, বিদ্যালয় খুলি দিছিল য়ুহানত। তাৰ পিছতেই এতিয়া পুনৰ নতুন শংকাই গা কৰি উঠিছে। যাৰফলত সামাজিক সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনাই দেখা দিছে। তথ্য অনুসৰি চীনত বৰ্তমানলৈ ১.১ কোটি লোকৰ টেষ্ট সম্পন্ন হৈছে। ১২মাৰ্চত য়ুহানত পুনৰ একেটা কমপ্লেক্সৰে ৬জন শৰীৰত দেখা দিছিল উপসৰ্গহীন ক’ৰোণাই। ইয়াৰ পিছত মঙলবাৰে চৰকাৰে জনায় যে সেই অঞ্চলৰ বাসিন্দাৰ নিউক্লীয়েৰ এছিড টেষ্ট কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ মাধ্যমেৰে ব্যক্তিৰ RNAআৰু DNAত কোভিড -১৯ৰ উপস্থিতি আছে নে নাই সেয়া পৰীক্ষণ কৰিব । এই সন্দৰ্ভত বেইজিং প্ৰশাসনে জাননী জাৰি কৰিছে। ইয়াৰ বাবে ১০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে কেতিয়াৰ পৰা এই পৰীক্ষা আৰম্ভ হ’ব সেই সন্দৰ্ভত জনোৱা নাই প্ৰশাসনে। বিগত সোমবাৰলৈ চীনত ক’ৰোণাত আক্ৰান্তৰ মুঠ সংখ্যা আছিল ৮২,৯১৮গৰাকী। মৃত্যুৰ সংখ্যা আছিল ৪,৬৩৩গৰাকী‌। আনহাতে চীনৰ প্ৰকাশিত তথ্যসমূহত সন্দেহৰ আঙুলি টোঁৱাইছে মাৰ্কিন প্ৰশাসনে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.