হিমন্ত বিশ্ব শৰ্মা মানে বিসম্বাদ বিসম্বাদ মানেই হিমন্ত বিশ্ব শৰ্মা নেকি?

ৰাজ্যিক বিজেপিৰ অৱস্থা এতিয়া সংকটজনক। দল আৰু চৰকাৰৰ মতবিভেদে অস্বস্তিত পেলাইছে বিজেপিক। এতিয়া বিজেপিত লাগিছে হাহাকাৰ। হিমন্ত বিশ্ব শৰ্মাপন্থী নেতা,মন্ত্ৰী-বিধায়কৰ যেন দায়বদ্ধতা নাই নিজ দলৰেই প্ৰতি।এক বেপৰোৱা মনোভাবেৰেই দলৰ প্ৰতি বাৰে বাৰে অনীহা প্ৰকাশ কৰাৰ ছবিখন একেবাৰে জলজল-পটপট হৈ পৰিছে। শেহতীয়াকৈ বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত অসম ৰাজ্যিক কাৰ্যালয়ত নাছিল উপস্থিতি। নিজ দলৰেই চৰকাৰ থকাৰ পাছতো ৰাজ্যৰ বিজেপিৰ কাৰ্যালয়ত কেইজনমান নেতা-কর্মীৰেই উদযাপিত হৈছিল দলটোৰ প্ৰতিষ্ঠা দিৱস। হিমন্ত বিশ্ব শৰ্মাপন্থী কোনো নেতা-মন্ত্ৰী-বিধায়কক দেখা নগ’ল প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত।প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শর্মাপন্থী নেতা-কর্মীৰ মাজৰ যুঁজখন এতিয়া জলজল পটপট।লবীকেন্দ্ৰিক ৰাজনীতিৰে ক্ৰমাৎ ঘেৰি ধৰিছে বিজেপিৰ ভিতৰচৰা। তেনেতে প্ৰশ্ন উত্থাপন হৈছে হিমন্ত বিশ্ব শৰ্মা যলৈকে যায় তাতেই আৰম্ভ হয় নেকি বিসম্বাদৰ ৰাজনীতি।হিমন্ত বিশ্ব শৰ্মা যলৈকে যায় তাতেই আৰম্ভ হয় নেকি লবীকেন্দ্ৰিক ৰাজনীতি। ক্ষমতা আৰু লিপ্সাৰ ৰাজনীতিয়ে ৰাজনৈতিক আদৰ্শক মশীমুৰ কৰি পেলোৱাত সিদ্ধহস্ত যেন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।২৪’ৰ পূৰ্বে ৰাজ্যত ক্ৰমাৎ সোলোক-ঢোলোক হৈ পৰিছে বিজেপিৰ অন্তৰমহল। কিমান দিন আৰু চমকৰ ৰাজনীতিয়ে ভৰিব ৰাজ্যৰ ৰাজনীতি। হিমন্ত বিশ্ব শৰ্মাৰ বিসম্বাদৰ ৰাজনীতিৰ বাবে যেনেকৈ কংগ্ৰেছ নিঃশেষ হৈছিল, ঠিক তেনেকৈ বিজেপিও হৈ পৰিব নেকি তছনচ।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে