সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত নিয়ন্ত্ৰণহীন বিজ্ঞাপন প্ৰদানৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সপ্তাহে সপ্তাহে অনুষ্ঠিত কৰা কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰে ? মেল মিটিঙত পিঠা লাৰু খোৱাৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজনত তিনিটা কনী দিয়ালৈকে এশ এবুৰি সিদ্ধান্ত লোৱা হয় প্ৰতিসপ্তাহে অনুষ্ঠিত কেবিনেট বৈঠকত।মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ মতে অসম চৰকাৰে কেবিনেটত গ্ৰহণ কৰা ১২৪৪ টা সিদ্ধান্তৰ ১১২০ টা সিদ্ধান্তই কাৰ্যকৰী কৰা হৈছে।মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ ভিতৰত এটা অন্যতম সিদ্ধান্ত আছিল ‘নিয়ন্ত্ৰণহীন বিজ্ঞাপন প্ৰদানৰ সিদ্ধান্ত’। মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ড: হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত লৈছিল এই সিদ্ধান্ত।

২০২১ চনৰ ১৪ জুলাইত অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি , অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিজ্ঞাপনৰ ক্ষেত্ৰত বিত্ত বিভাগৰ চিলিঙৰ প্ৰয়োজন নহ’ব । উল্লেখ্য যে ৰাজ্য এখনৰ বিত্তীয় অৱস্থা সুস্থিৰ কৰি ৰাখিবৰ বাবেই বিত্ত বিভাগৰ চিলিঙৰ ব্যৱস্থা ৰখা হৈছে ।চিলিঙৰ জড়িয়তে সৰ্ব্বোচ্চ ব্যয়ৰ সীমা ৰেখা নিৰ্ধাৰণ কৰি দিয়া হয় । অবাবত যাতে কোনো বিভাগে জধে মধে ব্যয় কৰিব নোৱাৰে , সেয়া সুনিশ্চিত কৰিবৰ বাবেই বিত্ত বিভাগৰ বাবে চিলিঙ লোৱাৰ প্ৰয়োজন ।কিন্তু অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি তথ্য আৰু জনসংযোগ বিভাগে বাতৰি কাকত আৰু টেলিভিছন চেনেলত দিয়া চৰকাৰী বিজ্ঞাপনৰ ক্ষেত্ৰত চিলিঙ ব্যৱস্থা প্ৰত্যাহাৰ কৰিলে ।অৰ্থাৎ বিত্ত বিভাগৰ অনুমোদন নোহোৱাকৈয়ে জধে মধে বিজ্ঞাপন দিয়াৰ অনুমতি দিয়া হ’ল তথ্য আৰু জনসংযোগ বিভাগক ।এনেদৰেই সীমাহীন বিজ্ঞাপন প্ৰদান কৰি সংবাদ মাধ্যমক চৰকাৰৰ ওপৰত নিৰ্ভৰশীল ব্যৱস্থালৈ পৰ্যবসিত কৰিলে ড: হিমন্ত বিশ্ব শৰ্মাই।

- Donation -

কেৱল সেয়াই নহয় , ৰাষ্ট্ৰীয় মাধ্যমত সততে সফলতাৰ ঢোল পিতিবলৈও কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ।২০২২ চনৰ ৮ আগষ্টত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰে যে ‘ইণ্ডিয়া টুডে’ৰ জড়িয়তে অসম চৰকাৰৰ সফলতা বিজ্ঞাপন আৰু বাতৰি আকাৰে ব্যাপক মাত্ৰাত প্ৰচাৰ কৰা হ’ব । কেৱল এটা সংবাদ গোষ্ঠীক ধনৰ বিনিময়ত সফলতাৰ কাহিনী প্ৰচাৰ কৰিবলৈ দিয়া অসমেই হয়তো দেশৰ প্ৰথমখন ৰাজ্য হ’ব ।এইদৰেই প্ৰচাৰৰ নামত সীমাহীন ধন ব্যয়ৰ কেবিনেট সিদ্ধান্ত লৈ তাক কাৰ্যকৰী কৰাৰ ঢোল কোবাই আছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ।

প্ৰচাৰ নিৰ্ভৰ চৰকাৰখনে কি হাৰত বিজ্ঞাপনৰ নামত ধন ব্যয় কৰিছে , সেয়া দেখিলে সকলো লোকেই স্তম্ভিত হৈ পৰিব । সৰ্বানন্দ সোণোৱালে ৫ বছৰত বিজ্ঞাপনত ব্যয় কৰা ধন ২ বছৰতেই ব্যয় কৰিলে হিমন্ত বিশ্ব শৰ্মাই ।২০২৩ চনৰ ১৫ মাৰ্চত অসম চৰকাৰে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি , ২০১৬ চনৰ মে’ মাহৰ পৰা ২০২১ চনৰ ৩০ এপ্ৰিল পৰ্যন্ত অসম চৰকাৰে বিজ্ঞাপনৰ নামত ধন ব্যয় কৰিছিল ১৩২ কৌটি ৩০ লাখ টকা ।ইয়াৰ বিপৰীতে ২০২১ চনৰ মে’ মাহৰ পৰা ২০২৩ চনৰ ১৫ মাৰ্চ পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিজ্ঞাপনত ধন ব্যয় কৰিছে ১৩২ কৌটি টকা ।হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ২০২১-২২ বৰ্ষত ৬০ কৌটি টকা আৰু ২০২২-২৩ বৰ্ষত ৭২ কৌটি টকা ব্যয় কৰিছে ।এইদৰেই জধে মধে বিজ্ঞাপন প্ৰচাৰ কৰিবলৈকে অসম চৰকাৰে লৈছিল কেবিনেট সিদ্ধান্ত ।যি সিদ্ধান্ত কাৰ্যকৰী কৰা বুলি সদম্ভে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ।

Leave A Reply

Your email address will not be published.