সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

স্বাধীনতাৰ স্বপ্ন ব্যৰ্থ হোৱাৰ অলিখিত কাহিনীৰে জিতুমণি বৰাৰ ‘ভেটি’

স্বাধীনতাৰ দাবীক সমৰ্থন নকৰিলেও আওকাণ কৰিব নোৱাৰি বুলি ক’লে অজিত ভূঞাই

‘স্বাধীন অসমৰ দাবী নতুন নহয়৷ আলফাৰ পূৰ্বেই অসমত স্বাধীনতাৰ বীজ ৰোপিত হৈছিল৷ স্বাধীনতাৰ প্ৰসংগটো বিতৰ্কিত বিষয় হ’ব পাৰে, কিন্তু ইয়াক নুই কৰিব নোৱাৰি৷’- চানমাৰিৰ ‘অসম গ্ৰন্থমেলা’ৰ জোনাকী প্ৰেক্ষাগৃহত লেখক-সাংবাদিক জিতুমণি বৰাৰ উপন্যাসৰ উন্মোচনী অনুষ্ঠানত অংশ লৈ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ৷ গ্ৰন্থখন উন্মোচন কৰি ভূঞাই লগতে কয় যে, জিতুমণি বৰা অসমৰ সংবাদ ক্ষেত্ৰখনত কিছুদিনৰপৰা বেছিকৈ উচ্চাৰিত এটা নাম৷ সাংবাদিক বৰাৰ সৈতে এসময়ত একেলগে সাংবাদিকতা কৰা দিনৰ স্মৃতি সুঁৱৰি তেওঁ কয়, ’৯৭ত জে’লৰ পৰা ওলাই চাৰিওফালে আন্ধাৰ দেখিছিলোঁ৷ আৰু বাতৰি কাকত উলিওৱাৰ সপোন দেখিছিলোঁ৷ আৰু সেই সময়ত আমাৰ সাৰথি আছিল জিতুমণি বৰা৷ পৰৱৰ্তী সময়ত জিতুমণিও জে’ললৈ গ’ল যদিও তেওঁৰ কলম স্তব্ধ নহ’ল৷ উপন্যাসৰ ক্ষেত্ৰখনতো জিতুমণি বৰাই সবল খোজ দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, উপন্যাস লিখিব কাৰণেই জিতুৱে উপন্যাস লিখা নাই৷ বৰং তেওঁ উপন্যাসৰ মাজেৰে অসমৰ ৰাজনৈতিক ইতিহাসক ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে৷ অসমীয়া সাম্প্ৰতিক উপন্যাস সাহিত্যৰ বিষয়ে উল্লেখ কৰি সাংসদ ভূঞাই কয়, অলেখ ৰাজনৈতিক বিষয়ৰ সমল থকা সত্ত্বেও তেনেবোৰ বিষয়ত উপন্যাসৰ সংখ্যা তাকৰ৷


অসম আন্দোলন, ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে অসমত আলফাৰ সংগ্ৰাম, বৃহৎ নদীবান্ধ, ‘কা’বিৰোধী আন্দোলন আদি ঐতিহাসিক সমল থকাৰ পাছতো কেইখন উপন্যাস পালোঁ বুলি তেওঁ প্ৰশ্ন কৰে৷ আৰু সেই প্ৰশ্নটোতে জিতুমণি বৰা জিলিকি আছে বুলি ভূঞাই মন্তব্য কৰে৷ আলফাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, আলফাক কোনোবাই সমালোচনা কৰিব পাৰে৷ ৰোমাণ্টিক বিপ্লৱ বুলি ক’ব পাৰে৷ কিন্তু অস্বীকাৰ কৰিব নোৱাৰে৷ ৰোমাণ্টিক চিন্তাও ইতিহাসৰ গুৰুত্বপূৰ্ণ বিষয়৷ যিসকলে স্বাধীনতাৰ সপোন দেখি ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে পদক্ষেপ ল’লে, সেয়া ৰোমাণ্টিচিজম বুলি ক’লেও সেই সংগ্ৰামৰ আমাৰ সহমৰ্মিতা থকা উচিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অজিত ভূঞাই৷ অসমৰ সাহিত্য আৰু সাংবাদিকতাই বৰ্তমান সময়ত চৰম সুবিধাবাদী স্থিতি গ্ৰহণ কৰিছে৷ এনে সময়তে জিতুমণিয়ে সাহসেৰে মানুহৰ কথা কৈ গৈছে৷ এই আপোচবিহীন স্থিতিয়ে জিতুমণি বৰাক প্ৰাসংগিক কৰি ৰাখিব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে৷

- Donation -

উন্মোচনী অনুষ্ঠানটোত অংশ লৈ বিধায়ক অখিল গগৈয়ে অসমৰ সাম্প্ৰতিক সাংবাদিকতা সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷ তেওঁ কয়, যিসময়ত অসমত বেছিভাগ সংবাদ মাধ্যম আৰু সাংবাদিকেই মুজুৰা পৰি গৈছে, সেই সময়ত অতি কম কেইজনমান সাংবাদিকেহে ৰাইজৰ পক্ষত কলম চলাই গৈছে৷ বিজেপিৰ শাসনৰ পাছত ধৰ্ম আৰু বৰ্ণৰ ভিত্তিত মানুহ দুইধৰণে বিভক্ত হোৱা বুলি উল্লেখ কৰি বিধায়ক গগৈয়ে সাম্প্ৰদায়িকতাই এতিয়া মুখৰ ভাষা হ’ল বুলি আক্ষেপ প্ৰকাশ কৰে৷ বিধায়ক অখিল গগৈয়ে জিতুমণি বৰাই সম্পাদক হিচাপে কৰ্মৰত ‘প্ৰাগ ডিজিটেল’ৰ উচ্চ প্ৰশংসা কৰে৷ অসম আৰু দেশৰ বাস্তৱ পৰিস্থিতিক অতি নিৰ্ভীকভাৱে প্ৰাগ ডিজিটেলে তুলি ধৰিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে৷ স্বাধীনতাৰ পাছত অসমীয়া আৰু ভাৰতীয় জাতিৰ আটাইতকৈ বেয়া সময় চলি আছে বুলি উল্লেখ কৰি বিধায়ক গগৈয়ে কয় এতিয়া জৰুৰীকালীন অৱস্থাতকৈয়ো কঠিন সময় চলি আছে৷ মানুহক সাম্প্ৰদায়িকভাৱে উত্তেজিত কৰাৰ পৰিৱেশ ৰচনা হৈছে৷ সম্পদ আৰু বজাৰৰ প্ৰাইভেটাইজেশ্যনে চেপি আনিছে দেশৰ পৰিকাঠামোক৷ যিসময়ত দেশৰ ৯৯.৯৯ শতাংশ সংবাদ মাধ্যম বৰ্তমান ৰাষ্ট্ৰ আৰু চৰকাৰ লগত আছে, সেইসময়ত জিতুমণি বৰা পৰিৱৰ্তনকামী জনতাৰ বাবে আশাৰ বতৰা হৈ পৰিছে বুলি গগৈয়ে উল্লেখ কৰে৷ বিধায়ক গগৈয়ে লগতে ভেটি উপন্যাসখনৰ বিষয়েও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পাছত জিতুমণি বৰাইহে এনেদৰে ধাৰাবাহিকভাৱে ৰাজনৈতিক উপন্যাস লিখি গৈছে বুলি মন্তব্য কৰে৷ সাধাৰণতে বিয়া-সবাহ, অনুষ্ঠানৰ পৰা বিৰত থকাৰ কথা উল্লেখ কৰি কেৱল ৰাইজৰ অনুষ্ঠানতহে উপস্থিত থকাৰ কথা উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে কেৱল জিতুমণি বৰাৰ গ্ৰন্থ উন্মোচনৰ বাবেহে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহিছে বুলি মন্তব্য কৰে৷

জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনো গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে৷ ভাষণ প্ৰসংগত হুছেইনে সাম্প্ৰতিক সময়ত অসমখন সামাজিকভাৱে সংকুচিত হৈ আহিছে বুলি মন্তব্য কৰে৷ ‘ভেটি’ শব্দটোৰ প্ৰতি আকৰ্ষণ আছে বুলি উল্লেখ কৰি সম্প্ৰতি জাতিটোৰে ভেটি উচন হোৱাৰ উপক্ৰম হৈছে বুলি মন্তব্য কৰে হাইদৰ হুছেইনে৷ মধ্য আৰু নামনি অসমত অসমীয়া মানুহৰ ভেটি উচন হৈছে বুলি মন্তব্য কৰি হুছেইনে আগন্তুক ২০ বছৰৰ পাছত অসমীয়াৰ ভেটি থাকিবনে নাথাকে তাক লৈ শংকা ব্যক্ত কৰে৷ তেওঁ লগতে কয়, অসমত এতিয়া লাচিতক হিন্দু বীৰ সজোৱাৰ প্ৰয়াস চলিছে৷ আৰু পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ সংগ্ৰামী চেতনাৰ মাজত বিশ্বাসৰ সংকট নমাই অনা হৈছে৷ ক্ষমতাত থকাটোৱে ৰাজনীতিকসকলৰ এতিয়া প্ৰধান আৰু প্ৰথম আকাংক্ষা হৈ পৰিছে বুলি তেওঁ মন্তব্য কৰে৷ ঔপন্যাসিক জিতুমণি বৰাই স্বাধীন অসমৰ সপোনটোত বাস্তৱধৰ্মিতাৰে উপন্যাসৰ মাধ্যমেৰে আগবঢ়াই নিছে বুলি তেওঁ উল্লেখ কৰে৷

অসমৰ আন্দোলনবোৰে কেৱল মাত্ৰ নেতাসকলকহে লাভান্বিত কৰি আহিছে বুলি উল্লেখ কৰি জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে কয়- আন্দোলনবোৰে জনতাতকৈ স্বাৰ্থান্বেষী নেতাসকলৰ স্বাৰ্থ পূৰণ কৰি আহিছে৷ সাধাৰণ জনতাৰ দাবী, আকাংক্ষাই ন্যায্যতা পোৱা নাই বুলি উল্লেখ কৰি ফুকনে আলফাৰ সংগ্ৰামখনৰ প্ৰসংগ উত্থাপন কৰে৷ আলফাৰ দাবীক সমৰ্থন নকৰিলেও সেই দাবীক অস্বীকাৰ কৰিব নাযায় বুলি উল্লেখ কৰি সাংবাদিক ফুকনে ‘ভেটি’ উপন্যাসখনে অসমৰ ৰাজনৈতিক ইতিহাসৰ প্ৰতিফলন ঘটাবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে৷

‘বনলতা’ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ‘ভেটি’ উপন্যাসখনৰ উন্মোচনী অনুষ্ঠানটোত প্ৰকাশক মনীষ হাজৰিকা, পৰিচালক চন্দ্ৰ মুদৈ, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰকে প্ৰমুখ্য কৰি ভালেমান গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানটোৰ আঁত ধৰে ‘প্ৰাগ ডিজিটেল’ৰ সাংবাদিক প্ৰাণজিত দাসে৷

Leave A Reply

Your email address will not be published.