সুশান্ত সিঙ ৰাজপুতৰ বিহাৰী পৰিচয়ক লৈ বিজেপিয়ে ৰাজনীতি কৰা আখ্যা দি কংগ্ৰেছৰ হুংকাৰ “ৰিয়া চক্ৰৱৰ্তী বঙালী ব্ৰাহ্মীন”

যোৱা প্ৰায় কেইবা মাহো ধৰি সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু আৰু তেখেতৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে দেশৰ আটাইবোৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। যিমানেই ই সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰিছে সিমানেই ৰাজনৈতিক নেতা আৰু দল সমূহেও ইয়াকে লৈ আৰম্ভ কৰিছে নিজা নিজা ৰাজনীতি।

কিছুদিন আগত আমি আপোনালোকক দেখুৱাইছিলোঁ কিদৰে সুশান্ত সিঙৰ বিহাৰী পৰিচয়ৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ প্ৰচেষ্টাত ব্ৰতী হৈছিল বিজেপি। সুশান্তৰ পোষ্টাৰ বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিছিল বিজেপিয়ে।

কেইদিন মান পূৰ্বে ৰিয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ ৰিয়াৰ বঙালী পৰিচয়ক লৈ আৰম্ভ হৈছে ৰাজনীতি। আজি কংগ্ৰেছ সাংসদ তথা পশ্চিম বংগৰ নৱনিযুক্ত কংগ্ৰেছ অধ্যক্ষ অধীৰ ৰঞ্জন চৌধুৰীয়ে টুইটাৰ যোগে কয় যে ৰিয়া চক্ৰৱৰ্তী এগৰাকী বঙালী ব্ৰাহ্মীন আৰু তেওঁৰ দেউতাক এগৰাকী অৱসৰ প্ৰাপ্ত সামৰিক বিষয়া। গতিকে তেখেতৰো নিজৰ সন্তানৰ ন্যায় দাবী কৰাৰ অধিকাৰ আছে।

উল্লেখযোগ্য যে সুশান্তৰ বিহাৰী পৰিচয়ে বিহাৰত যিদৰে ৰাজনৈতিক ৰূপ লৈছে, পশ্চিম বংগত এই পৰ্যন্ত ৰিয়াৰ বঙালী পৰিচয়ক লৈ কোনো ধৰণৰ ৰাজনীতিকৰণ আৰম্ভ হোৱা নাছিল। এইয়াই প্ৰথম বাৰলৈ কংগ্ৰেছে ৰিয়াৰ বঙালী ব্ৰাহ্মীন পৰিচয় দাঙি ধৰি ৰিয়াৰ গ্ৰেপ্তাৰক গৰিহণা দিয়ে।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে