সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মৰিগাঁৱত সাৰ পাবনে আছু ?

আজিৰে পৰা মৰিগাৱত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন । আছুৰ এই অধিৱেশন ৰাজনৈতিক সাম্প্ৰতিক সামাজিক ৰাজনৈতিক পটভূমিত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।এহাতে অসমৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়ত এফালৰ পৰা ওলমিছে তলা , আৰম্ভ হৈছে মাতৃভাষা মাধ্যমৰ শ্মশানযাত্ৰা , খোদ মুখ্যমন্ত্ৰীৰ পৰিয়ালে স্থাপন কৰিছে ইংৰাজী মাধ্যমৰ অভিলাসী বিদ্যালয় , আনহাতে ব্যাপক সাম্প্ৰদায়িকতাই ছানি ধৰিছে অসমৰ চৌদিশ , নিৰ্বাচন চমু চপাৰ লগে লগে অসমৰ আকাশ বতাহ সাম্প্ৰদায়িকতাৰ জুয়ে আবৰি ধৰাৰ উপক্ৰম হৈছে , ঠিক তেনে সময়তে মৰিগাঁৱত অনুষ্ঠিত হৈছে আছুৰ অধিৱেশন । এই অধিৱেশনত নিৰ্বাচন হ’বলগীয়া নতুন সমিতিৰ চকুৰ সন্মুখতে অনুষ্ঠিত হ’ব ২০২৪ ৰ লোকসভা আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচন । এনে প্ৰেক্ষাপটতে আছুৰ অধিৱেশন গুৰুত্বপূৰ্ণ হৈ পৰিছে । সন্দেহ নাই যে আছুৰ মূল নেতৃত্বত কোন থাকিব , সেয়া অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই স্পষ্ট হৈ পৰিছে ।আকৌ এবাৰ আছুৰ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত হোৱাই নহয় , শেষ নিশ্বাস থকালৈকে আছুতেই থাকি যাব বুলি ঘোষণা কৰিছে ড: সমুজ্জ্বল ভট্টাচাৰ্যই । ড: সমুজ্জ্বল ভট্টাচাৰ্যক মনে বিচৰা পদবী উপহাৰ দি সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদবী সুৰক্ষিত কৰিছে উৎপল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাই । কিন্তু এই নেতৃত্বৰ হাতত কিমান সুৰক্ষিত অসমৰ জাতীয় জীৱন ? এই প্ৰশ্নও অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে উত্থাপণ হৈছে । কিয়নো বিগত কাৰ্যকালত আছুৰ বৰ্তমানৰ নেতৃত্বই জাতীয় জীৱনৰ লগত জড়িত কোনো এটা বিষয়তে ল’ব পৰা নাই সুদৃঢ় স্থিতি । ‘কা ‘ বিৰোধী আন্দোলনক যেনেকৈ আদালতৰ মজিয়াত মোখনি মাৰিলে , তেনেকৈয়ে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন সমিতিৰ প্ৰতিবেদনক লৈও ল’লে হোহোকা পিছলা নীতি । মাতৃভাষা মাধ্যম , চৰকাৰী বিদ্যালয়ৰ মৃত্যুযাত্ৰা দেখিও নীৰৱ হৈ ৰ’ল আছুৰ বৰ্তমানৰ নেতৃত্ব ৷ আছু নেতৃত্ব কেৱল সৰৱ হ’ল বিজেপিৰ এজেণ্ডা কাৰ্যকৰী কৰিবলৈ বলবৎ কৰা সমষটি পুনৰ নিৰ্ধাৰণৰ বেলিকাহে । সেইবাবেই আছুৰ বৰ্তমানৰ নেতৃত্ব সন্দেহৰ উৰ্ধত নহয় ।আছুৰ সময়সাপেক্ষ সৰৱ ভূমিকা আৰু অধিকাংশ সময়ৰ নীৰৱতাই সমগ্ৰ নেতৃত্বক সীমাহীন প্ৰশ্নৰ মাজলৈ ঠেলি দিছে । সদৌ অসম ছাত্ৰ সন্থাই মৰিগাঁও অধিৱেশনত এই প্ৰশ্নবোৰৰ উত্তৰ দিবনে , আছুৰ প্ৰতিনিধিৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিবনে ? এই বিষয়বোৰৰ বাবেই মৰিগাঁও অধিৱেশনত নিবদ্ধ হৈ থাকিব অসমবাসীৰ দৃষ্টি ।

Leave A Reply

Your email address will not be published.